ETV Bharat / state

চৰকাৰী পশু চিকিৎসকে বিক্ৰী কৰিলে চৰকাৰী ম্যাদ উকলা ঔষধ

author img

By

Published : Sep 8, 2019, 11:56 PM IST

Govt. Doctor sell expiry government supply medicine

দলগাঁৱত এজনে গ্ৰাহকক বিক্ৰী কৰিলে চৰকাৰী ম্যাদ ওকলা ঔষধ ৷ ম্যাদ ওকলা ঔষধ খাই গাভিনী গৰু এজনীৰ মৃত্যু

দলগাঁও, 8 ছেপ্তেম্বৰ : দলগাঁৱত চৰকাৰী পশু চিকিৎসকৰ দ্বাৰা যোগান ধৰা ম্যাদ ওকলা ঔষধ খাই গাভিনী গৰু এজনীৰ মৃত্যু । দলগাঁৱৰ খাইৰুল ইছলাম নামৰ ব্যক্তি এজনৰ গাভিনী গৰু এজনীৰ বেমাৰ হোৱাত দলগাঁৱত থকা ৰাজ্যিক পশু চিকিৎসালয়লৈ যোৱাত এগৰাকী চিকিৎসকে যোৱা ফেব্ৰুৱাৰী মাহতে ম্যাদ উকলা চৰকাৰে যোগান ধৰা Ecotas নামৰ ঔষধ এবিধ দিয়ে ৷ চৰকাৰী ম্যাদ উকলা ঔষধৰ বাবদ খাইৰুল নামৰ ব্যক্তিজনৰ পৰা চিকিৎসকজনে লয় ৮০০ টকা ৷ অভিযোগ মতে গাভিনী গাই গৰুজনীক ঔষধটো খোৱাই দিয়াৰ পিছত শণিবাৰে ৰাতিয়েই ছটফটাই থাকি গৰুজনীক মৃত্যু হয় ৷ গৰুজনীৰ মৃত্যুৰ বাবে চৰকাৰী চিকিৎসক গৰাকীক জগৰীয়া কৰিছে ব্যক্তিজনে ৷ চৰকাৰে যোগান ধৰা লগতে ম্যাদ ওকলি যোৱা ঔষধ বোৰ সহজ সৰল ব্যক্তিক বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় চলোৱা এনে চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে ভুক্তভোগী ব্যক্তি জনে ।

চৰকাৰী পশু চিকিৎসকে প্ৰদান কৰিছিল ম্যাদ উকলা ঔষধ
Intro:Slug = Expiry_Medicine_
Byte= Victim

## দলগাঁৱত ম্যাদ উকলা ঔষধ খাই গাভিনী গৰুৰ মৃত্যু ৷
## চৰকাৰী পশু চিকিৎসকে প্ৰদান কৰিছিল ম্যাদ উকলা ঔষধ ।
Body:

; দলগাঁও, ৮ ছেপ্তেম্বৰ:

দলগাঁৱত চৰকাৰী পশু চিকিৎসকৰ দ্বাৰা যোগান ধৰা ম্যাাদ ওকলা ঔষধ খাই গাভিনী গৰু এটাৰ মৃত্যু । দলগাঁৱৰ খাইৰুল ইছলাম নামৰ ব্যক্তি এজনৰ গাভিনী গৰু এটাৰ বেমাৰ হোৱাত দলগাঁৱত থকা ৰাজ্যিক পশু চিকিৎসালয়লৈ যোৱাত এগৰাকী চিকিৎসক বিক্ৰীৰ বাবে অযোগ্য (not for sale) আৰু যোৱা ফেব্ৰুৱাৰী মাহতে ম্যাদ ওকলা Ecotas নামৰ ঔষধ এবিধ দিয়াৰ বাবদ খাইৰুল নামৰ ব্যক্তিজনৰ পৰা ৮০০ টকা লয় ৷ অভিযোগ মতে গাভিনী গাই গৰুটোক ঔষধটো খোৱাই দিয়াৰ পিছত কালি ৰাতিয়েই ছটফটাই থাকি গৰুটোৰ মৃত্যু হয় ৷ গৰুটোৰ মৃত্যুৰ বাবে চৰকাৰী চিকিৎসক গৰাকীক জগৰীয়া কৰিছে ব্যক্তিজনে ৷
Conclusion:

এনেদৰে not for sale লিখা আৰু ম্যাদ ওকলি যোৱা ঔষধ বোৰ সহজ সৰল ব্যক্তিক বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় চলোৱা এনে চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে ভুক্তভোগী ব্যক্তি জনে ।

আব্দুল হাকিম ।
দলগাঁও

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.