ETV Bharat / state

ৰাজ্যজুৰি পালন গৰু বিহু: গৰুখুটিত নোৱালে-ধুৱালে গীৰ গাই

author img

By

Published : Apr 14, 2022, 9:42 PM IST

goru-bihu-celebrations-in-different-part-of-assam
ৰাজ্যজুৰি পালন গৰু বিহু

কৃষিজীৱী অসমীয়াই সাতামপুৰুষীয়া পৰম্পৰাক সৰোগত কৰি বৃহস্পতিবাৰে উদযাপন কৰে গৰু বিহু(Goru bihu celebrations in Assam) । গৰুখুটি কৃষি প্ৰকল্পৰ গোশালাত এইবাৰ প্ৰথমবাৰলৈ উদযাপন কৰা হয় গৰু বিহু ৷ শোণিতপুৰৰ মিছামাৰী গাভৰু নৈৰ পাৰত পৰম্পৰাগতভাৱে গৰু বিহু পালন কৰে গঞাই ৷

নিউজ ডেস্ক, 14 এপ্ৰিল : চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় অসমীয়াৰ বাপতি-সাহোন গৰু বিহু(Assamese Festival) । অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু । কৃষিজীৱী অসমীয়াই সাতামপুৰুষীয়া পৰম্পৰাক সৰোগত কৰি আজি অৰ্থাৎ বৃহস্পতিবাৰে উদযাপন কৰিছে গৰু বিহু ।

Goru bihu celebrations in Assam
ৰাজ্যজুৰি পালন গৰু বিহু

দৰঙৰ গৰুখুটি কৃষি প্ৰকল্পৰ গোশালাত এইবাৰ প্ৰথমবাৰলৈ উদযাপন কৰা হয় গৰু বিহু(Goru bihu celebrations in Assam) ৷ দুগ্ধ বিপ্লৱৰ সূচনাৰে গুজৰাটৰ পৰা অনা গীৰ গাইসমূহ নদীত গা ধুৱাই বছৰটোৰ বাবে শ্ৰীবৃদ্ধি কামনা কৰা হয় ৷ পৰম্পৰা অনুসৰি লাও বেঙেনা চটিয়াই দীঘলতীৰে কোবাই প্ৰকল্পত নিয়োজিত যুৱকসকলে উদযাপন কৰে বিহু ৷ গোশালাৰ গৰুখুঁটি প্ৰকল্পত বৃহস্পতিবাৰে ছিপাঝাৰৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী উপস্থিত হৈ পালন কৰে গৰু বিহু ৷

ছিপাঝাৰৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী

শোণিতপুৰ জিলাৰ মিছামাৰীৰ জীয়াগাভৰু গাঁৱৰ গাভৰু নদীতো পৰম্পৰাগতভাৱে গৰু বিহু পালন কৰা হয় ৷ গৰু বিহু উপলক্ষে জীয়াগাভৰু গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক গাভৰু নৈত মাহ হালধিৰে নোৱাই-ধুৱাই গৰু বিহু পালন কৰে ।

আনহাতে কামপুৰৰ তেতেলীসৰাত ৰঙালী বিহুৰ প্ৰথম দিনটো গৰু বিহু উদযাপনৰ বাবে পুৱাৰে পৰা উখল মাখল পৰিবেশে বিৰাজ কৰে ৷ গৰুৰ গাত মাহ-হালধি সানি নামঘৰত আৰ্শীবাদ লৈ নিশাৰী নৈত গৰুকেইটাক গা ধুৱাই গঞাই ৷ নৈৰ পাৰত ডেকা-গাভৰু, বয়োজ্যেষ্ঠ ব্যক্তি-বৃদ্ধ-কিশোৰ-কিশোৰীয়ে মিলি বিহুনৃত্য গীতৰ মাজেৰে এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি কৰে ।

Goru bihu celebrations in Assam
ৰাজ্যজুৰি পালন গৰু বিহু

টীয়কৰ ঐজাৰগুৰিতো প্ৰতিকূল বতৰৰ মাজেৰে পালন কৰা হয় গৰু বিহু ৷ এজাৰগুৰি গাঁৱত পূৰ্বৰ পৰম্পৰা অটুট ৰাখি ৰাইজে সমজুৱাভাৱে গৰু ধোৱাৰ ব্যৱস্থা কৰে । পথাৰলৈ লৈ যোৱাৰ পূৰ্বে চোতালে চোতালে সকলোৱে চাট প্ৰস্তুতত ব্যস্ত হোৱাৰ সমান্তৰালকৈ গোহালীৰ গৰুহালক মাহ-হালধিৰে নোৱাই কুশল-মংগল কামনা কৰে ৷

লগতে পঢ়ক : মৰিগাঁৱৰ ঐতিহাসিক চাৰণ বিলত পৰম্পৰাগভাৱে পালন গৰু বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.