ETV Bharat / state

দৰঙত উৎখাত আঠটাকৈ চুলাইৰ ঘাটি

author img

By

Published : Jun 19, 2021, 10:18 PM IST

দৰঙত উৎখাত 8টা চুলাইৰ ঘাটি
দৰঙত উৎখাত 8টা চুলাইৰ ঘাটি

অবৈধ সুৰাৰ বিৰুদ্ধে মঙলদৈ আৰক্ষীৰ অভিযান । দৰঙৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰে বহুকেইটা চুলাইৰ ঘাটি ৷

দৰং,19 জুন : শনিবাৰে মঙলদৈ আৰক্ষীৰ তৎপৰতাত দৰঙৰ পৰা বহুকেইটা সুৰাৰ ঘাটি উৎখাত কৰা হয় । মঙলদৈ আৰক্ষীয়ে অভিযান চলাই দৰঙৰ চেঙেলীয়াপাৰা, বাংলাগড় আদি ঠাইৰ পৰা কেইবাটাও চুলাইৰ ঘাটি উচ্ছেদ কৰে ৷ মঙলদৈ থানাৰ আৰক্ষী বিষয়া দান্তেজিত দেউৰীৰ নেতৃত্বত চলিছিল এই অভিযান ৷ অভিযানত ৮ টাকৈ চুলাই মদৰ কাৰখানা ধ্বংস কৰা হয় ।

উল্লেখ্য যে, দৰঙত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ সমান্তৰালকৈ এইবাৰ দৰং আৰক্ষীয়ে হাতত লৈছে বহু পদক্ষেপ । মঙলদৈত চলি থকা অবৈধ সুৰাৰ ঘাটিসমূহ বন্ধ কৰাৰ বাবে প্ৰশাসনে হাতত লৈছে এই পন্থা ৷ আবকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ একাংশ লোকে জিলাখনৰ অলিয়ে-গলিয়ে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলায় অহা বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ।

দৰঙত উৎখাত আঠটাকৈ চুলাইৰ ঘাটি

স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি, এই চুলাই সেৱন কৰি বহু ব্যক্তিৰ জীৱনলৈ কাল অমানিশা নামি আহিছে ৷ এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পাচতে অবৈধ চুলাইৰ বিৰুদ্ধে মঙলদৈ আৰক্ষীয়ে অভিযান চলাইছিল ৷ মঙলদৈ থানাৰ আৰক্ষী বিষয়া দান্তেজিত দেউৰীৰ নেতৃত্বত অভিযান চলাই ৮টাকৈ চুলাই মদৰ কাৰখানা ধ্বংস কৰিবলৈ সক্ষম হোৱাৰ লগতে প্ৰায় দুই হাজাৰ লিটাৰ চুলাই মদ নষ্ট কৰে আৰক্ষীয়ে ।

ইপিনে, আৰক্ষী অহাৰ খবৰ পাই কাৰখানা কেইটাৰ পৰা পলায়ন কৰে কাৰখানা কেইটাৰ গৰাকী । মঙলদৈ আৰক্ষী বিষয়াই জানিব দিয়া মতে, অঞ্চল কেইটাত চুলাই মদৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ইয়াৰ পূৰ্বেও বহুবাৰ চেঙেলীয়াপাৰা, বাংলাগড়ত অভিযান চলোৱা হৈছিল আৰু উৎখাত কৰা হৈছিল চুলাইৰ ঘাটি ৷ কিন্তু আৰক্ষীয়ে উৎখাত কৰাৰ পিচত পুনৰবাৰ আকৌ সেই পূৰ্বৰ দৰে ঘাটিসমূহত চুলাইৰ বেহা চলি থাকে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে ৷

অন্য এক খবৰৰ বাবে: এতিয়াৰে পৰা বিদ্যুতৰ বিল পৰিশোধ নকৰিলে কৰ্মচাৰীয়ে নাপাব দৰমহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.