ETV Bharat / state

দৰং জিলা প্ৰশাসনৰ উদ্যোগত ক'ভিড সজাগতা কাৰ্যসূচী

author img

By

Published : Jun 13, 2021, 7:25 PM IST

Covid awareness programme
দৰং জিলা প্ৰশাসনৰ উদ্যোগত ক'ভিড সজাগতা কাৰ্যসূচী

ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে দৰং জিলা প্ৰশাসনে অসম ৰাজ্যিক দুৰ্যোগ প্ৰাধিকৰণৰ উদ্যোগত খাৰুপেটীয়া পৌৰসভা এলেকাত আয়োজন কৰে এক সজাগতামূলক কাৰ্যসূচী । এই কাৰ্যসূচীৰ অংশ হিচাপে ৰাইজৰ মাজত মাস্ক বিতৰণ কৰা হয় ।

দলগাঁও, ১৩ জুন: ৰাজ্যত কৰ'ণা(Corona) আক্ৰান্তৰ সংখ্যা পূৰ্বতকৈ বহু পৰিমাণে হ্ৰাস হৈছে । তেনেস্থলত যাতে পুনৰ কৰ'ণাই কাল ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈছে জিলা প্ৰশাসন । প্ৰতি জিলাৰে প্ৰশাসনে কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন পদক্ষেপ লোৱাৰ মাজতে দৰং জিলা প্ৰশাসনেও গ্ৰহণ কৰিছে এক আদৰণীয় পদক্ষেপ ।

Covid awareness programme
দৰং জিলা প্ৰশাসনৰ উদ্যোগত ক'ভিড সজাগতা কাৰ্যসূচী

ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে দৰং জিলা প্ৰশাসনে অসম ৰাজ্যিক দুৰ্যোগ প্ৰাধিকৰণৰ (Assam State Disaster Authority) উদ্যোগত খাৰুপেটীয়া পৌৰসভা এলেকাত আয়োজন কৰে এক সজাগতামূলক কাৰ্যসূচী । এই কাৰ্যসূচীৰ অংশ হিচাপে ৰাইজৰ মাজত মাস্ক(Mask) বিতৰণ কৰা হয় ।

দলগাঁও ৰাজহ চক্ৰ বিষয়া সমীৰ চৌধুৰীৰ নেতৃত্বত এই কাৰ্যসূচীৰ আয়োজন কৰা হয় । উক্ত কার্যসূচীত খাৰুপেটীয়া আৰক্ষী, জিলা পৰিবহণ বিভাগ(District Transport Department)ৰ লগতে স্বাস্থ্য বিভাগেও অংশ গ্ৰহণ কৰে । খাৰুপেটীয়া পৌৰ সভা কাৰ্যালয়ৰ পৰা গাড়ীৰে ৰেলী উলিওৱাৰ লগতে মাইকযোগে ক'ভিড সম্পৰ্কে সজাগতামূলক বাণী প্ৰচাৰ কৰা হয় । মাস্ক ব্যৱহাৰ নকৰা লোকৰ মাজত মাস্ক বিতৰণ কৰি সকলোকে ক'ভিড প্ৰট'কল(Covid Protocol) পালনৰ আহ্বান জনায় প্ৰশাসনৰ লোকসকলে ।

লগতে পঢ়ক: টীয়কৰ ধেমাজি গাঁৱত একেদিনাই ৪০ গৰাকী লোক আক্ৰান্ত কৰ’ণাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.