ETV Bharat / state

মঙলদৈত ক’ভিড প্ৰট’কল অমান্য কৰি তাঁতশাল বিতৰণ

author img

By

Published : May 6, 2021, 10:45 AM IST

distribute-loom
ক’ভিড প্ৰট’কল অমান্য কৰি তাঁতশাল বিতৰণ

মঙলদৈত হস্ততাঁত শিল্প বিভাগৰ তাঁতশাল বিতৰণ ৷ ক’ভিড প্ৰট’কলক অমান্য কৰি কাৰ্যালয়ত ভিৰ কৰিছেহি শতাধিক ৰাইজে ৷

দৰং ,6 মে’: কৰ’ণাৰ সংক্ৰমণে ক্ৰমাৎ দুৰাৱস্থালৈ ঠেলি দিছে ৰাজ্যৰ পৰিস্থিতি ৷ চৰকাৰে সঘনাই সলনি কৰিছে ক’ভিডৰ নীতি-নিৰ্দেশনা ৷ এই ভাইৰাছৰ ভয়াৱহতাৰ মাজতে দৰঙৰ মঙলদৈস্থিত হস্ততাঁত শিল্প বিভাগে বিতৰণ কৰিছে তাঁতশাল ৷

ক’ভিড প্ৰট’কল অমান্য কৰি তাঁতশাল বিতৰণ

জিলাখনৰ ভিন্ন স্থানৰ পৰা তাঁতশাল নিবলৈ সমবেত হৈছে শতাধিক ৰাইজ ৷ কিন্তু তেওঁলোকে মানি চলা নাই কোনো ক’ভিড প্ৰট’কল ৷ যি সময়ত মাত্ৰ 50 শতাংশ কৰ্মচাৰীৰ উপস্থিতি নিৰ্ধাৰণ কৰি কাৰ্যালয়সমূহত হ্ৰাস কৰা হৈছে ভিৰ, তেনে সময়তে বিভাগীয় বৰমূৰীয়াই লৈছে এই অদূৰদৰ্শীতা আৰু হঠকাৰী সিদ্ধান্ত ৷

এই কাৰ্যৰ বাবে কৰ’ণাৰ গণ সংক্ৰমণ হৈ পৰিস্থিতি অধিক ভয়ানক হ’লে দায়িত্ব স্বীকাৰ কৰিবনে বিভাগটোৱে? ইয়াকে লৈ প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলৰ মাজত ৷

লগতে পঢ়ক : 31 নং চিদলী সমষ্টিত উষ্ম আদৰণি জনালে জয়ন্ত বসুমতাৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.