ETV Bharat / state

বজাৰত বুলড’জাৰ চলালে প্ৰশাসনে

author img

By

Published : Jul 12, 2021, 10:24 PM IST

darrang district administration goes for eviction in a bazar
এইবাৰ এখন বজাৰত চলিল প্ৰশানৰ উচ্ছেদ অভিযান

সোমবাৰে খাৰুপেটীয়াৰ বালুগাঁও বজাৰত দৰং জিলা প্ৰশাসনে চলালে উচ্ছেদ অভিযান ৷ বজাৰখনত অবৈধভাৱ চৰকাৰী ভূমি বেদখল কৰি নিৰ্মাণ কৰা হৈছিল দুই শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান ।

দলগাঁও, ১২ জুলাই : দৰং জিলাৰ খাৰুপেটীয়াৰ বালুগাঁও বজাৰত সোমবাৰে দৰং জিলা প্ৰশাসনে(Darrang district administration) চলালে উচ্ছেদ(eviction) অভিযান । দৰঙৰ সৰ্ববৃহৎ দলগাঁও শিয়ালমাৰী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত বিহুদিয়া গাঁও পঞ্চায়তত চৰকাৰী ভূমিত কোনো ধৰণৰ অনুমতি নোলোৱাকৈ দীৰ্ঘদিন ধৰি একাংশ ব্যৱসায়ীয়ে চলাই আহিছিল বালুগাঁও বজাৰখন ৷ যধে-মধে পকী গৃহ, গুদামঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আদি নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছিল দল-সংগঠনে ।

বিভিন্ন সময়ত দল সংগঠন সমূহে উক্ত চৰকাৰী ভূমি বেদখল(illegal land acquisition) মুক্ত কৰাৰ বাবে জিলা প্ৰশাসনক দাবী জনাইছিল । অৱশ্যে, প্ৰশাসনৰ গুৰুত্বহীনতাত দীৰ্ঘদিন ধৰি এই বেদখল চলি আছিল ৷ অৱশেষত, স্থানীয় ৰাইজ তথা দল সংগঠনৰ অভিযোগৰ ভিত্তিত সোমবাৰে দৰং জিলা প্ৰশাসনে আৰক্ষী তথা অৰ্ধ সামৰিক বাহিনীৰ সহযোগত বজাৰৰ ভূমিত উচ্ছেদ অভিযান চলায় ৷

এইবাৰ এখন বজাৰত চলিল প্ৰশানৰ উচ্ছেদ অভিযান

প্ৰশাসনৰ অভিযানত অবৈধভাৱে নিৰ্মাণ কৰা বালুগাঁও বজাৰৰ একাংশ ব্যবসায়িক প্ৰতিষ্ঠানক উচ্ছেদ কৰা হয় ।

উল্লেখযোগ্য যে, বালুগাঁও বজাৰৰ চৰকাৰী মাটি বেদখল কৰি দুই শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰা হৈছিল ৷ ইয়াৰ সকলোখিনিৰ ওপৰত অভিযোগ উত্থাপিত হৈ আহিছিল যদিও একাংশ ব্যবসায়িক প্ৰতিষ্ঠানহে উচ্ছেদ কৰে দৰং জিলা প্ৰশাসনে । প্ৰশাসনৰ অভিযানৰ শলাগ লোৱাৰ লগতে ৰাইজে এতিয়া সকলো বেদখলকাৰী প্ৰতিষ্ঠানৰ ওপৰত ব্যৱস্থা ল’বৰ বাবে প্ৰশানক আহ্বান জনাইছে ৷

লগতে পঢ়ক : বিধানসভাত উত্থাপিত হ’ল বিতৰ্কিত গো-সুৰক্ষা বিধেয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.