ETV Bharat / state

দৰঙত মঙলবাৰে 238 গৰাকী কৰ’ণা ৰোগী চিনাক্ত

author img

By

Published : May 19, 2021, 9:16 AM IST

covid update of darrang
দৰঙত কৰ’ণাত আক্ৰান্ত

দৰং জিলাত মঙলবাৰে 238 গৰাকী লোক কৰ’ণাত আক্ৰান্ত ৷ সম্প্ৰতি জিলাখনত কৰ’ণাত আক্ৰান্ত হৈছে 3,650 গৰাকী লোক ৷

দৰং,19 মে’: মঙলবাৰে দৰং জিলাত 238 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ৷ সম্প্ৰতি জিলাখনত কৰ’ণাত আক্ৰান্ত হৈছে 3,650 গৰাকী লোক ৷

আনহাতে চিকিৎসাধীন হৈ আছে 1,717 গৰাকীকৈ ক’ভিড ৰোগী ৷ ইয়াৰ ভিতৰত 179 গৰাকী চিকিৎসালয়ত থকাৰ বিপৰীতে 1,538 গৰাকী হোম কোৱাৰেণ্টাইনত আছে ৷ চিকিৎসালয়ত থকা ক’ভিড আক্ৰান্তসকলৰ ভিতৰত 83 গৰাকী মঙলদৈ অসামৰিক চিকিৎসালয়ত, 38 গৰাকী জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত আৰু 24 গৰাকী কেন্দ্ৰীয় বিদ্যালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰত ভৰ্তি হৈ আছে ।

ঠিক সেইদৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত 12 গৰাকী, নাৰায়ণা হৃদয়ালয়াত 5 গৰাকী, মহেন্দ্ৰ মোহন চৌধুৰী আৰু জিএনআৰচি হাস্পতালত 3 গৰাকী, তেজপুৰ মেডিকেল কলেজ হাস্পতাল, বি বৰুৱা কেঞ্চাৰ হাস্পতাল, নেমকেয়াৰ হাস্পতালত দুগৰাকীকৈ, দিছপুৰ হাস্পতাল, স্বাগত হাস্পতাল, এপ’ল’ হাস্পতাল আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত এগৰাকীকৈ লোক চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক : ধুবুৰীত মঙলবাৰে ১৬৮ জন কৰ’ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.