ETV Bharat / state

দলগাঁৱত জীয়া ধনশ্ৰী নৈৰ বাঢ়নি পানীত প্লাবিত বিস্তীৰ্ণ অঞ্চল

author img

By

Published : May 23, 2020, 7:37 PM IST

ETV BHARAT
দলগাঁৱত জীয়া ধনশ্ৰী নৈৰ বাঢ়নি পানীত প্লাবিত বিস্তীৰ্ণ অঞ্চল

ধনশ্ৰী নৈ বাঢ়নি পানীয়ে বহু মথাউৰি চিঙি নিয়াৰ ফলত দৰঙৰ দলগাঁও বিধান সভা সমষ্টিৰ কেইবা খনো গাঁও প্লাবিত হয় । বিগত কিছুদিন ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলতেই বানপানীৰ সৃষ্টি হয় ৷

দলগাঁও, 23মেঃ দৰং জিলাৰ ধনশ্ৰী নৈত ভয়ংকৰ ৰূপত বাঢ়িছে নৈখনৰ জলপৃষ্ঠ ৷ কেইবা ঠাইত জীয়া ধনশ্ৰী নৈৰ বাঢ়নি পানীয়ে চিঙি নিলে মথাউৰি ফলত প্লাবিত হৈ পৰিছে জিলা খনৰ বিস্তীৰ্ণ অঞ্চল ৷

দলগাঁৱত জীয়া ধনশ্ৰী নৈৰ বাঢ়নি পানীত প্লাবিত বিস্তীৰ্ণ অঞ্চল

বিগত কিছুদিন ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়ি আহিছে জিয়া ধনশ্ৰী নৈৰ জল পৃষ্ঠ ৷ ইতিমধ্যে ধনশ্ৰী নৈ বাঢ়নি পানীয়ে বহুমথাউৰি চিঙি নিয়াৰ ফলত দৰঙৰ দলগাঁও বিধান সভা সমষ্টিৰ কেইবাখনো গাঁও প্লাবিত হয় । দলগাঁও ৰাজহ চক্ৰৰ অন্তগৰ্ত ঘিলাধাৰী ,,ৰঙাগৰা পথাৰ ,বেজিমাৰি , ৰহমান পুৰ ভবপুৰ, নাউৰসিচা ,কছাৰীভেটি টোপ , ৪ নং শিয়ালমাৰী গাঁৱকে ধৰি কেইবাখনো গাঁৱত বানত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে৷ ইতিমধ্যে উক্ত অঞ্চলৰ ৰাস্তা ঘাট ,খেতিপথাৰ ,গৃহ আদি জলমগ্ন হোৱাত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে । আনহাতে ঘৰৰ ভিতৰলৈকে একাঠু একাঠু পানী ৷ ইতিমধ্যে বানত পুখুৰীৰ মাছকে ধৰি বিঘাই- বিঘাই বড়ো ধানৰ লগতে বহু শাক পাচলিৰ খেতি নষ্ট হৈ গৈছে৷ বড়ো ধানৰ লগতে শাক পাচলিৰ খেতি নষ্ট হোৱাত এতিয়া মুৰে কঁপালে হাত দিবলগীয়া পৰিস্থিতি সৃষ্টি হয় কৃষক সকলৰ ৷

লগতে পঢ়ক-বেঁকী নৈৰ বাঢ়নী পানীত জলমগ্ন কলগাছিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.