ETV Bharat / state

কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদত উত্তাল খাৰুপেটীয়াৰ ৰাজপথ

author img

By

Published : Jan 16, 2021, 7:12 PM IST

খাৰুপেটীয়াত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ
খাৰুপেটীয়াত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ

গুৱাহাটীত ৰাজভৱন ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে অহা কংগ্ৰেছ কৰ্মীক বাধা প্ৰদান খাৰুপেটীয়া আৰক্ষীৰ । দৰঙৰ দলগাঁও আৰু বেছিমাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত শতাধিক কংগ্ৰেছ কৰ্মীয়ে গুৱাহাটী অভিমুখে দুখন বাছেৰে যাত্ৰা কৰিছিল । আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পিছতে ৰাজপথতে বিক্ষোভ প্ৰদৰ্শন কৰে কংগ্ৰেছ কৰ্মীসকলে ।

দলগাঁও,১৬ জানুৱাৰী: দৰঙৰ খাৰুপেটীয়াত শনিবাৰে শতাধিক কংগ্ৰেছ কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কৃষি আইন বাতিল, পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰাৰ দাবীত শনিবাৰে ৰাজভৱন ঘেৰাও কাৰ্যসূচীত অংশ লোৱাৰ উদ্দেশ্যে কংগ্ৰেছ কৰ্মীসকলে গুৱাহাটী অভিমুখে পুৱা ৭ বজাত যাত্ৰা আৰম্ভ কৰে ।

খাৰুপেটীয়াত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ
খাৰুপেটীয়াত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ

দৰঙৰ দলগাওঁ আৰু বেছিমাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত শতাধিক কংগ্ৰেছ কৰ্মীয়ে খাৰুপেটীয়া ৰাজীৱ ভৱনৰ পৰা দুখন বাছেৰে যাত্ৰা কৰে যদিও প্ৰতিবাদকাৰী দলটোক ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত লাভলী হোটেলৰ সন্মুখত খাৰুপেটীয়া আৰক্ষীয়ে বাধা প্ৰদান কৰে । খাৰুপেটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ কাকতিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে প্ৰতিবাদকাৰী দলটোক বাধা দিয়ে ।

প্ৰতিবাদকাৰীসকলে প্ৰায় দুই ঘন্টা সময় আৱদ্ধ হৈ থাকি ৰাজপথতে প্ৰতিবাদ সাব্যস্ত কৰে । অসম আৰক্ষী হায় হায়, বিজেপি চৰকাৰ হায় হায়, কৃষক বিৰোধী ক'লা আইন বাতিল কৰক, মূল্যবৃদ্ধি হ্ৰাস কৰক আদি বিভিন্ন শ্ল'গানেৰে খাৰুপেটীয়াৰ ৰাজপথত উত্তাল কৰি তোলে । বিজেপি চৰকাৰে স্বৈৰাচাৰী শাসন চলাইছে বুলিও সমালোচনা কৰে কংগ্ৰেছ কৰ্মীসকলে ।

লগতে পঢ়ক:বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত COVID-১৯ৰ টীকাকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.