ETV Bharat / state

দৰঙত কেঞ্চাৰৰ সজাগতা সভা

author img

By

Published : Apr 23, 2022, 8:19 PM IST

দৰঙত ভাৰতীয় ৰেডক্ৰছ ছ'চাইটি(Indian Red Cross Society) দৰং জিলা শাখা আৰু স্বেচ্ছাসেৱী সংগঠন প্ৰতিশ্ৰুতি কেঞ্চাৰ আৰু পালিয়েটিভ ট্ৰাষ্ট ডিব্ৰুগড়ৰ উদ্যোগত কেঞ্চাৰ সজাগতা সভা অনুস্থিত হয় । বহু কেইগৰাকী অভিজ্ঞ চিকিৎসকে অংশগ্ৰহণ কৰে এই বিশেষ সভাখনত ।

cancer awareness meeting in darang
দৰঙত কেঞ্চাৰৰ সজাগতা সভা

দৰঙ,২৩ এপ্ৰিল: দৰঙত ভাৰতীয় ৰেডক্ৰছ ছ'চাইটি(Indian Red Cross Society) দৰং জিলা শাখা আৰু স্বেচ্ছাসেৱী সংগঠন প্ৰতিশ্ৰুতি কেঞ্চাৰ আৰু পালিয়েটিভ ট্ৰাষ্ট ডিব্ৰুগড়ৰ উদ্যোগত কেঞ্চাৰ সজাগতা সভা অনুস্থিত হয়(Cancer awareness meeting in darang) । দৰং জিলাৰ মঙলদৈ সনাতন ধৰ্মসভা প্ৰাংগণত শনিবাৰে কেঞ্চাৰ সজাগতা সভাখনত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰা হয় ।

ৰেডক্ৰছৰ জন্মদাতা জন হেনৰি ডোন্দানৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে । প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰে দৰং জিলা আৰক্ষী অধীক্ষক ৰাজমোহন ৰয়ে । কেঞ্চাৰ সজাগতা সভাখনৰ সভাপতিত্ব কৰে ভাৰতীয় ৰেডক্ৰছ ছ'চাইটি দৰং জিলা শাখাৰ উপাধ্যক্ষ গোবিন্দ উপাধ্যায়ে ।

উক্ত সজাগতা সভাত উপস্থিত থাকি কেঞ্চাৰৰ সজাগতাৰ ওপৰত বক্তব্য আগবঢ়াই দৰং জিলাৰ উপায়ুক্ত তথা ভাৰতীয় ৰেডক্ৰছ ছ'চাইটিৰ দৰং জিলা শাখাৰ সভাপতি প্ৰণৱ কুমাৰ শৰ্মা, দৰং জিলাৰ অতিৰিক্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ পানেছাৰ সিং চুৰী, অসম আৰক্ষীৰ মহিলা আৰক্ষী সন্থাৰ বিষয়া স্বপ্নালী মহন্তই ।

লগতে কেইবাগৰাকীও অভিজ্ঞ চিকিৎসক, ভাৰতীয় ৰেডক্ৰছ ছ'চাইটি দৰং জিলা শাখাৰ কেইবাগৰাকীও বিষয়ববীয়া, স্বেচ্ছাসেৱী সংগঠন প্ৰতিশ্ৰুতি কেঞ্চাৰ আৰু পালিয়েটিভ ট্ৰাষ্টৰ প্ৰগ্ৰেম ডাইৰেক্টৰ ড৹ গায়ত্ৰী গগৈৰ লগতে বিষয়ববীয়ায়ো তেওঁলোকৰ মতামত ডাঙি ধৰে । অনুষ্ঠান খনি আঁত ধৰে ভাৰতীয় ৰেডক্ৰছ ছ'চাইটি দৰং জিলা শাখাৰ বিষয়ববীয়া জয়ন্ত শৰ্মাই ।

লগতে পঢ়ক: যুক্তৰাষ্ট্ৰত অসমকন্যা প্ৰিয়ানাৰ আন এক সাফল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.