ETV Bharat / state

River Erosion in Darrang : ধনশ্ৰী নৈৰ বুকুত জাহ গ’ল শ শ কৃষিভূমি ‌

author img

By

Published : Jul 13, 2022, 2:17 PM IST

River Erosion in Darrang
ধনশ্ৰী নৈৰ বুকুত জাহ গ’ল শ শ কৃষিভূমি ‌

দলগাঁৱৰ ৰৌমাৰী, বগৰীবাৰীত গৰাখহনীয়াৰ তাণ্ডৱ (River Erosion in Darrang) । ধনশ্ৰী নদীৰ ‌খহনীয়াই ভেঁটিহীন কৰিলে দুই শতাধিক পৰিয়ালক । ইতিমধ্যে নৈৰ বুকুত জাহ হ’ল বিঘাই বিঘাই কৃষি ভূমি । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগী নৈপৰীয়া ৰাইজৰ ৷

দলগাঁও, ১৩ জুলাই : প্ৰকৃতিৰ ৰোষত অসম ৷ বছৰৰ দ্বিতীয়টো বানে জোঁকাৰি গৈছে ৰাজ্য (Flood in Assam 2022) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰঙৰ দলগাঁও সমষ্টিৰ বহু অঞ্চলত বছৰৰ দ্বিতীয়টো বানে বিস্তৰ ক্ষতিসাধন কৰে ।

কেবল বানেই নহয়, বানৰ পিছত এইবাৰ দলগাঁওবাসীৰ বাবে কাল হৈ থিয় দিছে ব্ৰহ্মপুত্ৰৰ উপনৈ ধনশ্ৰীৰ খহনীয়াই (River Erosion in Darrang) ৷ সমষ্টিটোৰ‌ মাজেদি যোৱা ধনশ্ৰী নৈৰ প্ৰৱল সোঁতে সৰ্বস্ৰান্ত কৰি তুলিছে নৈপৰীয়া শ শ পৰিয়ালক । বানৰ পিছত দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত শ্যামপুৰ গাঁও পঞ্চায়তৰ ৰৌমাৰী‌, বগৰীবাৰী চাপৰিত অব্যাহত আছে ধনশ্ৰী নৈৰ তীব্ৰ গৰাখহনীয়া ।

ধনশ্ৰী নৈৰ বুকুত জাহ গ’ল শ শ কৃষিভূমি ‌

খহনীয়াৰ কবলত পৰিছে গাঁও ‌দুখনৰ বৃহৎ এলেকা ।

নদীয়ে গ্ৰাস কৰিছে শ শ কৃষি ভূমি ৷ ভেঁটিহীন হৈছে দুই ‌শতাধিক পৰিয়াল । চকুৰ সন্মুখতে নৈৰ আপোন ঘৰখন, চৌহদ, কৃষিভূমি নৈত বিলীন হোৱাত এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে নৈপৰীয়া ৰাইজ । শীঘ্ৰে ধনশ্ৰী নৈৰ গৰাখহনীয়া ‌‌ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে‌ মূহুৰ্ততে বিলীন হোৱাৰ দিশত শ্যামপুৰ গাঁও পঞ্চায়তৰ ৰৌমাৰী‌, বগৰীবাৰী চাপৰিৰ বৃহৎ অঞ্চল ৷

সেয়ে এই ক্ষেত্ৰত দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানৰ লগতে অসম চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাই ভুক্তভোগী নৈপৰীয়া ৰাইজে ৷

লগতে পঢ়ক : Water resources department is in hurry: 15 দিনত সম্পূৰ্ণ হ’ব বৰলীয়া নৈৰ ৰিং বান্ধ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.