ETV Bharat / state

মংগলদৈত অবৈধ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ

author img

By

Published : Apr 25, 2020, 8:38 PM IST

প্ৰায় ৩৫ লাখ টকীয়া অৰুণাচলী অবৈধ সুৰাৰ গাড়ী দুখনৰ বিষয়ে এমাহ ধৰি এনফৰ্চমেন্ট বিষয়া গৰাকীয়ে কিয় গোপনে ৰাখিলে সিয়ে বিষয়টোক ৰহস্যঘন কৰি তুলিছে ৷ মংগলদৈ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত মংগলদৈ আৰক্ষী থানাত 235/2020 /379 IPC নম্বৰৰ এক গোচৰ ৰুজু কৰি চালক কিৰণ শইকীয়া,ৰঞ্জন হালডাঙ আৰু মেনেজাৰ দীনেশ শৰ্মাক আটক কৰিছে ৷

arunachal-liquor-seized-in-assam
মঙ্গলদৈত অবৈধ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ, ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা !

মংগলদৈ, 25 এপ্ৰিল : দীৰ্ঘদিন ধৰি অসমৰ মাজেৰে অব্যাহত আছে অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা ৷ ইতিপূৰ্বে অসমৰ বিভিন্ন ঠাইত অৰুণাচলৰ পৰা অবৈধ বাবে কঢ়িয়াই অনা সুৰাৰ ট্ৰাক জব্দ হোৱাৰ বাতৰি পোহৰলৈ আহিছে ৷ চলি থকা লক ডাউনৰ মাজতো শুকুৰবাৰে নিশা মংগলদৈ আৰক্ষীয়ে মংগলদৈ চহৰৰ পৰা প্ৰায় সাত কিলোমিটাৰ নিলগৰ পিপৰাদোকানৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এটা তেল ডিপোৰ পৰা মংগলদৈ আৰক্ষীয়ে জব্দ কৰে অবৈধ ভাৱে কঢ়িয়াই অনা অৰুণাচলী সুৰা ভৰ্তি দুখনকৈ ট্ৰাক । ট্ৰাক দুখনত 2400 কাৰ্টুন সুৰা মজুত আছে তথা সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় 35 লাখ টকা হ‘ব বুলি জানিবলৈ দিছে আৰক্ষী সুত্ৰই ৷ ট্ৰাকৰ চালক আৰু মেনেজাৰে সুৰা খিনিৰ কোনো ক্ৰয় বিক্ৰীৰ নথিপত্ৰ দিব নোৱাৰাৰ বাবে মংগলদৈ আৰক্ষীয়ে জব্দ কৰে সুৰা খিনি ৷

মঙ্গলদৈত অবৈধ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ

উল্লেখ যে,অৰুণাচলী সুৰাভৰ্তি ট্ৰাক দুখনে ল’ক ডাউনৰ মাজতে তুৰালৈ সুৰাখিনি সৰবৰাহ কৰিবলৈ যো-জা চলাইছিল ৷ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক দুখন যোৱা ২৩ মাৰ্চতে দৰঙৰ জিলা পৰিবহন বিভাগে তালাচীৰ সময়ত জব্দ কৰি ট্ৰাক দুখনৰ কাগজ পত্ৰ সমুহ লৈ গৈছিল আৰু উক্ত দিনাৰ পৰা এমাহ অতিক্ৰম কৰাৰ পিছতো ৰহস্যজনক ভাবে এনফৰ্চমেন্ট বিষয়া গৰাকীয়ে দৰঙৰ আবকাৰী বিভাগ নতুবা আৰক্ষীক বিষয়টো অৱগত কৰা নাছিল ৷ প্ৰায় ৩৫ লাখ টকীয়া অৰুণাচলী অবৈধ সুৰাৰ গাড়ী দুখনৰ বিষয়ে এমাহ ধৰি এনফৰ্চমেন্ট বিষয়া গৰাকীয়ে কিয় গোপনে ৰাখিলে বিষয়টো ৰহস্যঘন কৰি তুলিছে ৷

সম্প্ৰতি জব্দকৃত এন এল 01-এল-6374 আৰু আৰ জে-52--জি এ-1305 পঞ্জীয়ন নম্বৰৰ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক দুখন মংগলদৈ সদৰ আৰক্ষী থানাত ৰখোৱা হৈছে ৷ এই পৰ্যন্ত সুৰা ভৰ্তি ট্ৰাক দুখনৰ কোনো কাগজ পত্ৰ দেখুৱাব পৰা নাই চালকে ৷ মংগলদৈ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত মংগলদৈ আৰক্ষী থানাত 235/2020 /379 IPC নম্বৰৰ এক গোচৰ ৰুজু কৰি চালক কিৰণ শইকীয়া,ৰঞ্জন হালডাঙ আৰু মেনেজাৰ দীনেশ শৰ্মাক আটক কৰিছে ৷

লগতে পঢ়ক : নাৰী দেহ ব্যৱসায়ীৰ কৱলত অসমৰ নাবালিকা, HIVত আক্ৰান্ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.