ETV Bharat / state

Sex workers in Darang : দৰঙত যৌন কৰ্মীক খাদ্য যোগান ধৰাৰ নামত দুৰ্নীতিৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 7:40 AM IST

Updated : Nov 3, 2023, 9:51 AM IST

sex workers in Darang
দৰঙত যৌনকৰ্মীৰ সংখ্যাকে ধৰি তেওঁলোকক খাদ্যযোগান ধৰা সন্দৰ্ভত দুৰ্নীতিৰ অভিযোগ

দৰঙত সৰিয়হৰ ডুলিতে ভূত ওলাইছে ৷ ক’ভিড কালত জিলাখনত ৬১৬ গৰাকী যৌন কৰ্মীক খাদ্য যোগানৰ নামত ১৫ লাখ টকাৰ দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ বাণিজ্যিক যৌন কৰ্মীৰ ভৰণ পোষণৰ নামত দৰং জিলা প্ৰশাসনে ব্যয় কৰিছে ১৫ লাখ টকা, এই সন্দৰ্ভত ছিপাঝাৰৰ বিধায়ক পৰমামন্দ ৰাজবংশীয়ে যৌনকৰ্মীৰ লিষ্ট বিচাৰি কৰিছে মন্তব্য ৷

দৰঙত যৌনকৰ্মীৰ সংখ্যাকে ধৰি তেওঁলোকক খাদ্যযোগান ধৰা সন্দৰ্ভত দুৰ্নীতিৰ অভিযোগ

দৰং, ৩ নৱেম্বৰ : এগৰাকী বিধায়কে জিলা আয়ুক্তলৈ লিখা এখন চিঠিয়ে এতিয়া তীব্ৰ জোকাৰণি তুলিছে দৰং জিলা প্ৰশাসনৰ ভিতৰে বাহিৰে । বিধায়ক বসন্ত দাসে জিলাখনত থকা যৌন কৰ্মীৰ সবিশেষ তথ্য বিচাৰি লিখা এখন চিঠিয়ে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । পিছে হঠাতে বিধায়কগৰাকীৰ যৌন কৰ্মীৰ তথ্য বিচাৰি কিয় এই তৎপৰতা !

আচলতে দৰং জিলা ভৰি আছে ৬১৬ গৰাকী যৌন কৰ্মীৰে । শুনি আচৰিত যেন লাগিলেও খোদ জিলা প্ৰশাসনৰ তথ্যত উন্মোচন হৈছে এই সংখ্যা । পিচে এই তথ্যক লৈ সাধাৰণ ৰাইজৰ কথাটো বাদেই খোদ শাসকীয় দলৰ বিধায়কো আশ্বস্ত নহয় । যৌন কৰ্মীৰ এই বৃহৎ সংখ্যা উন্মোচিত হ’লেও দৰং প্ৰশাসনে প্ৰকাশ কৰিব পৰা নাই সবিশেষ ।

উল্লেখযোগ্য যে, এই বাণিজ্যিক যৌন কৰ্মীসকলৰ ভৰণ পোষণৰ নামত দৰং জিলা প্ৰশাসনে ব্যয় কৰিছে প্ৰায় ১৫ লাখ টকা । এই বিশাল সংখ্যাৰ যৌন কৰ্মীক ক’ভিডৰ সময়ছোৱাত খাদ্য যোগান ধৰাৰ নামত দৰং জিলা প্ৰশাসনে মুঠ ১৫ লাখ টকা ব্যয় কৰা বুলি শেহতীয়াভাৱে প্ৰকাশ পোৱাৰ পিচতে সমগ্ৰ জিলা জুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

তথ্য অনুসৰি, ২০২০–২০২১ বৰ্ষত দুই লাখ ৫০ হাজাৰ টকা আৰু ২০২১–২০২২ বৰ্ষত ১২ লাখ ৩৩ হাজাৰ ২৩২ টকাসহ মুঠ ১৪, ৮৩, ২৩২ টকা এই যৌন কৰ্মীৰ নামত ব্যয় কৰা হৈছে । কিন্তু প্ৰশাসনৰ এই তথ্য কোনো কাৰণতে সহজভাৱে ল’ব পৰা নাই সাধাৰণ ৰাইজে ।

ইফালে প্ৰশাসনে প্ৰকাশ কৰা এই তথ্যত জাঙুৰ খাই উঠিছে খোদ শাসকীয় দলৰেই বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী । বিশেষকৈ যদি এয়া প্ৰকৃতাৰ্থত সঁচা হয় তেতিয়া দৰংবাসীৰ বাবেই বিষয়টো অতি লজ্জাজনক আৰু চিন্তনীয় বুলি উল্লেখ কৰে ড৹ পৰমানন্দ ৰাজবংশী । যাৰ বাবে এই তথ্য সবিস্তাৰে প্ৰকাশ কৰিব লাগিব বুলিও দাবী কৰে তেওঁ । এইটো দৰঙৰ আত্মসন্মানৰ লগত জড়িত বিষয় বুলি দোহাৰি এনে এটা স্পৰ্শকাতৰ বিষয় সহজতে এৰি দিব নোৱাৰি বুলি প্ৰকাশ কৰে ৰাজবংশীয়ে ।

আনহাতে, জানিব পৰা মতে, বিধায়ক বসন্ত দাসে ইতিমধ্যে সবিশেষ তথ্য বিচাৰি জিলা আয়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে যদিও তথ্য প্ৰকাশ কৰা নাই প্ৰশাসনে । এনে ক্ষেত্ৰত সমগ্ৰ বিষয়টোত এটা বৃহৎ কেলেংকাৰী সংঘটিত হোৱা বুলি দৰং জিলা প্ৰশাসনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

এইক্ষেত্ৰত বছৰ বছৰ ধৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চকী খামুচি থকা একাংশ ঘোচখোৰ কৰ্মচাৰীৰ প্ৰতি পোনপটীয়া অভিযোগ উত্থাপন হৈছে । এনে ক্ষেত্ৰত চৰ্চিত হোৱা বিষয়টো হ’ল জিলাখনত প্ৰকৃতাৰ্থত ইমান সংখ্যক স্বীকৃত যৌন কৰ্মী থকাটো সঁচানে ! জিলা প্ৰশাসনে সবিশেষ তথ্য প্ৰকাশ কৰি এই স্পৰ্শকাতৰ বিষয়টো পোহৰলৈ আনিব বুলি আশা কৰিছে ৰাইজে ।

লগতে পঢ়ক : Elephant attack: ভাতৃক হেৰুওৱাৰ বেদনা সহ্য কৰিব নোৱাৰিলে ককায়েকে

Last Updated :Nov 3, 2023, 9:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.