ETV Bharat / state

মঙলদৈ সমষ্টিত অগপই সহযোগ নকৰে গুৰুজ্যোতি দাসক

author img

By

Published : Mar 6, 2021, 5:26 PM IST

২০১৬ চনৰ বিধানসভা নিৰ্বাচনত হাতীৰ পিঠিত উঠি বিজেপিৰ পৰা বিধায়ক হৈছিল গুৰুজ্যোতি দাস । বিধায়ক হোৱাৰ পিছৰে পৰা মঙলদৈ সমষ্টিৰ অসম গণ পৰিষদ কৰ্মী সকলক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা অভিযোগ উত্থাপন কৰিছে অগপ কৰ্মী সকলে ৷

মঙলদৈ সমষ্টিত অগপই সহযোগ নকৰে গুৰুজ্যোতি দাসক
মঙলদৈ সমষ্টিত অগপই সহযোগ নকৰে গুৰুজ্যোতি দাসক

দৰঙ,6 মাৰ্চঃ দৰঙত ১ এপ্ৰিলত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ এইবেলি নিৰ্বাচনৰ বাবে মঙলদৈ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী গুৰুজ্যোতি দাসক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগে লগে ক্ষোভিত হৈ পৰিছে অসম গণ পৰিষদৰ মঙলদৈ বিধান পৰিষদ ।

মঙলদৈ সমষ্টিত অগপই সহযোগ নকৰে গুৰুজ্যোতি দাসক

উল্লেখযোগ্য যে, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত হাতীৰ পিঠিত উঠি বিজেপিৰ পৰা বিধায়ক হৈছিল গুৰুজ্যোতি দাস। বিধায়ক হোৱাৰ পিছৰে পৰা মঙলদৈ সমষ্টিৰ অসম গণ পৰিষদ কৰ্মী সকলক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰা অভিযোগ উত্থাপন কৰিছে অগপ কৰ্মী সকলে ৷ শনিবাৰে জিলা অগপ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসক ভোট প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অগপই ।

লগতে পঢ়কঃ টিকট নোপোৱাৰ ক্ষোভ: কংগ্ৰেছলৈ বিতোপন শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.