Power Lights Up Dark Life : বিদ্যুতৰ পোহৰ নেদেখা এখন গাওঁ

author img

By

Published : Dec 4, 2021, 8:48 PM IST

the-people-of-dalgaon-have-not-got-electricity-till-date

অন্ধকাৰৰ মাজত দিন অতিবাহিত কৰিছে দৰঙৰ দলগাঁও সমষ্টিৰ ২ নং শ্যামপুৰবাসী ৰাইজে(No electricity connection) ৷ বিদ্যুৎ অবিহনে দুৰ্বিসহ জীৱন অতিবাহিত কৰি আহিছে গাওঁবাসীয়ে ৷

দলগাওঁ, 4 ডিচেম্বৰ : মন্ত্ৰী বিমল বৰাই(Power minster Bimal Bora in assam)দায়িত্ব লোৱাৰে পৰা বিভিন্ন সময়ত ইতিবাচক তথা নেতিবাচক দুয়োটা দিশতে চৰ্চাত আছে ৰাজ্যৰ বিদ্যুৎ বিভাগ(Assam state electricity board) ৷

বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ সকলো গাঁৱতে সম্পূৰ্ণৰূপে বৈদ্যুতিকৰণ সম্পন্ন হোৱা বুলি উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ সময়তে এক বিপৰীত ছবি উন্মোচিত হৈছে দৰঙৰ দলগাঁও সমষ্টিৰ ২ নং শ্যামপুৰ গাঁৱত ৷ একবিংশ শতিকাতো বিদ্যুতৰ পোহৰ নপৰা গাঁও এইখন (a village without electricity connection) । বহু চৰকাৰ আহিল আৰু গ'ল ,কিন্তু আজি পৰ্যন্ত গাঁৱবাসীয়ে নাপালে বিদ্যুৎ সংযোগ । বিদ্যুৎ অবিহনে দুৰ্বিসহ জীৱন অতিবাহিত কৰি আহিছে গাওঁবাসীয়ে । বছৰৰ পাছত বছৰ ধৰি কেৰাচিনৰ চাকি, লেম্প, মম বাতি, চাৰ্জ লাইট আদিৰ পোহৰেৰে দিন অতিবাহিত কৰি আহিছে গাঁওবাসীয়ে ৷

উল্লেখ্য যে,কেৰাচিনৰ অভাৱত মাজে মাজে অন্ধকাৰত থকা গাঁওবাসীক চৰকাৰৰ বিভিন্ন নেতা পালিনেতা অথবা জনপ্ৰতিনিধিয়ে বৈদ্যুতিকৰণৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও আজিকোপতি বৈদ্যুতিকৰণৰ আঁচনিয়ে ঢুকি নাপালে শ্যামপুৰবাসীক ৷

উল্লেখযোগ্য আজিৰ পৰা প্ৰায় ডেৰ বছৰমান পূৰ্বে খাৰুপেটীয়া বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনস্থ গাঁওখনত বিদ্যুৎ সংযোগ দিয়াৰ নিমিত্তে গাঁওখনৰ সহজ সৰল ৰাইজৰ পৰা একাংশ দালাল শ্ৰেনীৰ লোকে ধন সংগ্ৰহ কৰি, ৰাস্তাৰ কাষে কাষে শাৰী শাৰীকৈ পুতিছিল বিদ্যুতৰ খুটা ৷ খুটা পুতিয়েই দায়িত্ব সামৰিলে ঠিকাদাৰে । খুটাবিলাকত আজিলৈকে সংযোগ নহ'ল বিদ্যুৎ পৰিবাহী তাৰ(People of Dalgaon do not get electricity) । পৰিনতিত গাঁওখনত আজি পৰ্যন্ত নাহিল বিদ্যুতৰ পোহৰ । বিদ্যুৎ সংযোগ নথকাৰ বাবে আজিৰ যুগতো আধুনিক সময়ৰ বিভিন্ন সা-সামগ্ৰী ব্যৱহাৰৰ পৰাও বঞ্চিত হৈছে গাঁওবাসী ৷

সেয়ে এতিয়া স্থানীয় ৰাইজে অচিৰেই গাওঁখনত বিদ্যুতৰ সংযোগ কৰি গাঁওখনত পোহৰ যোগান ধৰিবলৈ অসম চৰকাৰৰ শক্তি বিভাগৰ ওচৰত জনাইছে আহ্বান ৷

লগতে পঢ়ক : Covid Vaccination Drive : কিয় ভেকচিন নল’লে মানিয়া কায়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.