ETV Bharat / state

Pathaan film released: পাঠানৰ 120 টা টিকট কাটি থানাত আৱদ্ধ মঙলদৈৰ মফিদুল

author img

By

Published : Jan 25, 2023, 4:34 PM IST

Pathaan film released
পাঠানৰ টিকট ক্ৰয় কৰি আৰক্ষী থানাত আৱদ্ধ মঙলদৈৰ মফিদুল ইছলাম

'পাঠান’ৰ ১২০ টা টিকট কাটি আৰক্ষী থানাত আৱদ্ধ মঙলদৈৰ মফিদুল ইছলাম (120 Pathaan tickets cut and detained at the police station)৷ নেমছু নেতা মফিদুল ইছলামে মঙলদৈ ড্ৰীম থিয়েটাৰৰ পৰা সংগ্ৰহ কৰিছিল 120 টাকৈ পাঠান ছবিৰ টিকট ।

পাঠানৰ টিকট ক্ৰয় কৰি আৰক্ষী থানাত আৱদ্ধ মঙলদৈৰ মফিদুল ইছলাম

মঙলদৈ, 25 জানুৱাৰী : চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পাঠান ছবিৰ টিকট ক্ৰয় কৰি ৰঙাঘৰত আৱদ্ধ দৰঙৰ মফিদুল ইছলাম ৷ পাঠান চিনেমাৰ ১২০ টা টিকট কাটিছিল দৰঙৰ মফিদুল ইছলামে ৷ ইয়াৰ পাছতেই ধূলা থানাত আৱদ্ধ কৰি ৰখা হয় মফিদুল ইছলামক (120 Pathaan tickets cut and detained at the police station)৷

উল্লেখ্য যে, ছবিখনে মুক্তিৰ পূৰ্বেই মুখামুখি হৈছিল তীব্ৰ বিতৰ্কৰ ৷ গেৰুৱা ৰং পৰিহিত এক দৃশ্যাংক লৈ আৰম্ভ হৈছিল বিতৰ্কৰ ৷ কেইবাটাও হিন্দুত্ববাদী সংগঠনে ছবিখনৰ বিৰুদ্ধে জাৰি কৰিছিল ফটোৱা ৷ হিন্দুত্ববাদী সংগঠনৰ নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই পাঠান চিনেমাৰ ১২০ টা টিকট সংগ্ৰহ কৰিছিল নেমছুৰ নেতা দৰঙৰ মফিদুল ইছলামে ৷

ইয়াৰ পাছতে মফিদুল ইছলামক ধূলা থানাত আবদ্ধ কৰি ৰখা বুলি জানিব পৰা গৈছে। মুখ্যতঃ আইন শৃংখলাজনিত কাৰণতেই মফিদুল ইছলামক ধূলা থানাত আৱদ্ধ কৰি ৰখা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ নেমছু নেতা মফিদুল ইছলামে মঙলদৈ ড্ৰীম থিয়েটাৰৰ পৰা সংগ্ৰহ কৰিছিল 120 টাকৈ পাঠান ছবিৰ টিকট । বজৰং দলক প্ৰত্যাহ্বান জনাই টিকট ক্ৰয় কৰিছিল নেমছুৰ নেতাগৰাকীয়ে ।

উল্লেখ্য যে, বহু বিতৰ্কৰ অন্তত বুধবাৰে মুক্তি লাভ কৰিলে শ্বাহৰুখ খান অভিনীত বিতৰ্কিত ছবি পাঠানে (Pathaan film released)। সমগ্ৰ বিশ্বৰ 100 খন দেশত বুধবাৰৰ দিনটোত মুক্তি লাভ কৰিলে বলিউডৰ আকৰ্ষণীয় যুটি শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত ছবি পাঠানে । ছবিখনে আৰম্ভণিৰে পৰা সন্মুখীন হৈ আহিছিল তীব্ৰ বিতৰ্কৰ (Protest against Pathaan)৷

আনকি পোছাক তথা ৰং বিতৰ্কৰ বাবে ছবিখন বয়কট কৰিবলৈকে কেইবাটাও হিন্দুত্ববাদী সংগঠনে জাৰি কৰিছিল ফটোৱা ৷ পিছে হিন্দুত্ববাদী সংগঠনৰ বাধা তথা ফটোৱা নামানি জাতি-বৰ্ণ ভেদে প্ৰতিটো ধৰ্মাৱলম্বী লোকে দেশ তথা ৰাজ্যৰ প্ৰতিটো ছবি গৃহতে হেতা-ওপৰা লগোৱা পৰিলক্ষিত হৈছে ৷ প্ৰায় 4 বছৰৰ অন্তত প্ৰিয় অভিনেতাগৰাকীৰ ছবি চিত্ৰগৃহলৈ অহাত বাদশ্বাহৰ অনুৰাগীৰে ভৰি পৰিছে ছবিগৃহ ৷

সমগ্ৰ দেশৰ লগতে অসমতো পাঠান চাবলৈ দৰ্শক ৰাইজৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে । বাদশ্বাহৰ নৱতম ছবিখন চাবলৈ দলে-বলে ৰাইজ ওলায় অহা পৰিলক্ষিত হৈছে ৷ আনকি ঠায়ে ঠায়ে নিৰাপত্তা জনিত দিষটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি আৰক্ষী তথা নিৰাপত্তাৰক্ষীৰ লোক মোতায়েন কৰা পৰিলক্ষিত হৈছে ৷ মন কৰিবলগীয়া যে, বিতৰ্কিত পাঠান ছবিখনত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই (Actor Diganta Hazarika in Pthaan) ৷

লগতে পঢ়ক : Houseful show Pathaan in Rangia: বিতৰ্ক নেওচি ছবিগৃহলৈ কিং খান অভিনীত ছবি পাঠান, ৰঙিয়াত দৰ্শকৰ ব্যাপক সঁহাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.