Houseful show Pathaan in Rangia: বিতৰ্ক নেওচি ছবিগৃহলৈ কিং খান অভিনীত ছবি পাঠান, ৰঙিয়াত দৰ্শকৰ ব্যাপক সঁহাৰি

author img

By

Published : Jan 25, 2023, 2:09 PM IST

Pathaan film released

আজি ছবি গৃহলৈ শ্বাহৰুখ খান অভিনীত বিতৰ্কিত ছবি পাঠান (Pathaan film released)। দৰ্শকৰ ব্যাপক সঁহাৰি ৷

বিতৰ্ক নেওচি ছবিগৃহলৈ কিং খান অভিনীত ছবি পাঠান

ৰঙিয়া, 25 জানুৱাৰী : বহু বিতৰ্কৰ অন্তত বুধবাৰে মুক্তি লাভ কৰিলে শ্বাহৰুখ খান অভিনীত বিতৰ্কিত ছবি পাঠানে (Pathaan film released)। সমগ্ৰ বিশ্বৰ 100 খন দেশত বুধবাৰৰ দিনটোত মুক্তি লাভ কৰিলে বলিউডৰ আকৰ্ষণীয় যুটি শ্বাহৰুখ খান আৰু দীপিকা পাডুকণ অভিনীত ছবি পাঠানে । ছবিখনে আৰম্ভণিৰে পৰা সন্মুখীন হৈ আহিছিল তীব্ৰ বিতৰ্কৰ (Protest against Pathaan)৷

আনকি পোছাক তথা ৰং বিতৰ্কৰ বাবে ছবিখন বয়কট কৰিবলৈকে কেইবাটাও হিন্দুত্ববাদী সংগঠনে জাৰি কৰিছিল ফটোৱা ৷ পিছে হিন্দুত্ববাদী সংগঠনৰ বাধা তথা ফটোৱা নামানি জাতি-বৰ্ণ ভেদে প্ৰতিটো ধৰ্মাৱলম্বী লোকে দেশ তথা ৰাজ্যৰ প্ৰতিটো ছবি গৃহতে হেতা-ওপৰা লগোৱা পৰিলক্ষিত হৈছে ৷ প্ৰায় 4 বছৰৰ অন্তত প্ৰিয় অভিনেতাগৰাকীৰ ছবি চিত্ৰগৃহলৈ অহাত বাদশ্বাহৰ অনুৰাগীৰে ভৰি পৰিছে ছবিগৃহ ৷

Houseful show of Pathaan in Rangia
চাৰিটা দৰ্শনীতে হাউচফুল ডিলাইট চিনেমা হল

সমগ্ৰ দেশৰ লগতে অসমতো পাঠান চাবলৈ দৰ্শক ৰাইজৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে । ৰঙিয়াৰ ডিলাইট চিনেমা হলত পাঠান চাবলৈ দৰ্শকে পুৱাৰে পৰা লগাইছে হেতা-ওপৰা । প্ৰথম দিনাৰ চাৰিটা দৰ্শনীতে হাউচফুল ডিলাইট চিনেমা হল । উল্লেখনীয় যে, ৰঙিয়াৰ এই চিনেমা হলটোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ২৪ শ দৰ্শকে পাঠান চাবলৈ হিল দল ভাঙি আহিছে (Houseful show of Pathaan in Rangia)।

কোনোৱে যদি ৰেলেৰে ৰঙিয়াত উপস্থিত হৈছে আন কোনোৱে ব্যক্তিগত বাহন ভাড়া কৰি চিনেমা চাবলৈ আহিছে বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে দৰ্শক ৰাইজে । পাঠান চিনেমা চোৱাৰ পূৰ্বেই প‌ইচা ৱচুল চিনেমা আখ্যা দিলে দৰ্শক ৰাইজে । প্ৰথম দিনাখনৰ পৰাই ব্যাপক সঁহাৰি লাভ কৰা দেখা গৈছে কিং খানৰ নতুন ছবিখনৰ প্ৰতি ।

কোভিডজনিত পৰিস্থিতিয়ে আৰ্থিকভাৱে কোঙা কৰি পেলোৱা বলিউডলৈ ঘূৰি আহিছে ভাল দিন । পাঠান চিনেমাখনৰ প্ৰতি দৰ্শক ৰাইজৰ সহাঁৰিয়ে যেন তাকেই প্ৰতিপন্ন কৰিলে । ছবিখন চোৱাৰ লগতে চিনেমা হলৰ চৌহদত SRK fan club ৱে কেক কাটি ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে । পিছ পৰি ৰোৱা নাই ডিলাইট চিনেমা হ'ল কৰ্তৃপক্ষয়ো ৷

চিনেমা হলটোৰ চাৰিওফালে দৰ্শকক আকৰ্ষিত কৰিবলৈ কৰ্তৃপক্ষই সুন্দৰকৈ সজাই তোলা হৈছে বুলি জানিবলৈ দিয়ে । চিনেমা হ'ল কৰ্তৃপক্ষৰ এই পদক্ষেপক লৈ খুবেই উৎফুল্লিত দৰ্শক ৰাইজ । আনহাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিবলৈ হলটোত ৰঙিয়া আৰক্ষীয়ে সষ্টম হৈ পহৰা দিয়াও পৰিলক্ষিত হৈছে (Security arrangements in Rangia over Pathaan film)।

উল্লেখ্য যে, অসমৰ এগৰাকী জনপ্ৰিয় অভিনেতা দিগন্ত হাজৰিকাইও বিৰ্তকিত 'পাঠান' ছবিত বিশেষ চৰিত্ৰত অভিনয় কৰিছে বুলি জানিবলৈ পৰা গৈছে ৷

লগতে পঢ়ক : Poor transportation and electricity systems: লখিমপুৰ চহৰৰ গাতে লাগি থকা উন্নয়নৰ মুখ নেদেখা এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.