ETV Bharat / state

হিমন্তৰ হাগ্ৰামাৰ কাজিয়া ৰহস্যৰ আৱৰ্তত: উৰ্খাউ গৌৰা ব্ৰহ্ম

author img

By

Published : Nov 20, 2020, 6:17 PM IST

হিমন্তৰ হাগ্ৰামাৰ কাজিয়া ৰহস্যৰ আৱৰ্তত : উৰ্খাউ গৌৰা ব্ৰহ্ম
হিমন্তৰ হাগ্ৰামাৰ কাজিয়া ৰহস্যৰ আৱৰ্তত : উৰ্খাউ গৌৰা ব্ৰহ্ম

হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাজিয়াক লৈ সৰৱ ইউপিপিএলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাউ গৌৰা ব্ৰহ্ম ৷ এই কাজিয়াক ৰহস্যজনক তথা ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ এক কৌশল বুলি মন্তব্য উৰ্খাউ গৌৰা ব্ৰহ্মৰ ৷ উক্ত কাজিয়াক ঘৰুৱা কন্দল আখ্যা দিয়াৰ লগতে হাগ্ৰামা আৰু হিমন্তৰ কাজিয়াৰ ফলত ইউপিপিএলৰ লাভ বা লোকচান একোৱেই নহয় বুলি মন্তব্য ব্ৰহ্মৰ ৷

চিৰাঙ, 20 নৱেম্বৰ: হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ কাজিয়াক ৰহস্যজনক আখ্যা ইউপিপিএলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাউ গৌৰা ব্ৰহ্মৰ ৷ শুকুৰবাৰে চিৰাঙৰ বিজনীৰ আনন্দ বজাৰত ইউপিপিএল দলৰ নিৰ্বাচনী সভাত উপস্থিত থাকি ব্ৰহ্মই এই মন্তব্য কৰে ৷ এই কাজিয়াৰ কাৰণ কোনেও বুজি পোৱা নাই বুলি মন্তব্য কৰি তেওঁ কয় যে বিটিচিৰ পৰিষদীয় নিৰ্বাচনক লৈ হাগ্ৰামা আৰু হিমন্তৰ মাজৰ কাজিয়া ৰহস্যৰ বাহিৰত নহয় বৰঞ্চ ৰহস্য আৱৰ্তত ৷

হাগ্ৰামা হিমন্তৰ কাজিয়াই ইউপিপিএলৰ লাভ লোকচান একোৱেই নকৰে : উৰ্খাউ গৌৰা ব্ৰহ্ম

এই কাজিয়াক ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ এক কৌশল বুলি মন্তব্য কৰাৰ লগতে ব্ৰহ্মই কয় যে এই কাজিয়াক ঘৰুৱা কন্দল বুলিহে আখ্যা দিব পাৰি , কাৰণ তেওঁলোকৰ মিত্ৰতা কোনোদিন ভাঙি যোৱা নাই ৷ হাগ্ৰামা আৰু হিমন্তৰ কাজিয়াৰ ফলত ইউপিপিএলৰ লাভ বা লোকচান একোৱেই নহয় বুলি মন্তব্য কৰি ব্ৰহ্মই কয় যে ইউপিপিএলে অকলেই থিয় দি নিৰ্বাচনী বৈতৰণী পাৰ হবলৈ সক্ষম ৷ সম্প্ৰতি বিটিচিত ইউপিপিএল দলৰ বাবে প্ৰায় 30 খন আসন আহি আছে বুলি দাবী কৰি তেওঁ কয় যে কংগ্ৰেছ , এআইইউডিএফ তথা গণ সুৰক্ষা পাৰ্টিৰ বিটিচিত কোনো অস্তিত্ব নাই ৷

চিৰাঙৰ বিজনীৰ আনন্দ বজাৰত ইউপিপিএল দলৰ নিৰ্বাচনী সভা
চিৰাঙৰ বিজনীৰ আনন্দ বজাৰত ইউপিপিএল দলৰ নিৰ্বাচনী সভা

বিটিচিত চৰকাৰ গঠন কৰা সন্দৰ্ভত মন্তব্য প্ৰদান কৰি ব্ৰহ্মই কয় যে বিটিচিত ইউপিপিএল দলৰ চৰকাৰ হ'বলৈ গৈ আছে ৷ হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাজিয়াক 21 ৰ নিৰ্বাচনৰ বাবে কুচকাৱাজ বুলি আখ্যা দি 17 বছৰত বিপিএফ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলিও ব্ৰহ্মই অভিযোগ উত্থাপন কৰে ৷ উন্নয়ন , দুৰ্নীতি ৰোধ,শান্তি স্থাপন,উগ্ৰপন্থীৰ সমস্য সমাধান আদি সকলো ক্ষেত্ৰতে বিপিএফৰ ভূমিকাক হতাশাজনক আখ্যা দি জনগণে তেওঁলোকক আঁকোৱালি লোৱা নাই বুলিও তেওঁ এক মন্তব্য কৰে ৷
জিলাখনৰ 18 নং মানাস সেৰফাং পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী সুৰেশ দৈমাৰীৰ নিৰ্ব্বাচনী প্ৰচাৰৰ বাবে চিৰাঙৰ বিজনীৰ আনন্দ বজাৰত অনুষ্ঠিত হোৱা ইউপিপিএল দলৰ এই নিৰ্ব্বাচনী সভাত 18 নং মানাস সেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী সুৰেশ দৈমাৰী সহ সমষ্টিৰ কেবাশ ভোটাৰ উপস্থিত থাকে ।
লগতে পঢ়ক: বিটিচিত যিয়ে চৰকাৰ গঠন নকৰক মোক লৈহে চৰকাৰ গঠন কৰিব লাগিবঃ মাখন স্বৰ্গীয়াৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.