ETV Bharat / state

চিৰাঙত প্ৰাক্তন NDFB সদস্যৰ দক্ষতা বিকাশ প্ৰশিক্ষণ

author img

By

Published : Jun 28, 2021, 7:23 PM IST

skill-development-programme-for-ex-ndfb-cader-at-chirang
চিৰাঙত প্ৰাক্তন এনডিএফবি সদস্য সকলৰ দক্ষতা বিকাশ প্ৰশিক্ষণ আৰম্ভ

চিৰাঙত আৰম্ভ কৰা হৈছে NDFB সদস্যৰ দক্ষতা বিকাশ প্ৰশিক্ষণ ৷ বিটিআৰ চুক্তিত উল্লেখ কৰা অনুসৰি আৰম্ভ কৰা হৈছে এই দক্ষতা বিকাশ(skill development)প্ৰশিক্ষণ কাৰ্যসূচী ৷ তিনিদিনীয়াকৈ আৰম্ভ হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীৰ প্ৰথমটো দিনত উপস্থিত থাকে অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক হীৰেন নাথ ৷

চিৰাং, 28 জুন : চিৰাঙত সোমবাৰৰ পৰা তিনি দিনীয়াকৈ আৰম্ভ হৈছে প্ৰাক্তন এনডিএফবি(NDFB) সদস্য সকলৰ দক্ষতা বিকাশ(skill development)প্ৰশিক্ষণ । চিৰাং জিলাৰ ঢালিগাঁও স্থিত ভাৰতীয় তেল নিগমৰ অধীনৰ বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ বিনোদন কেন্দ্ৰ(RCC club)ত আৰম্ভ কৰা হৈছে এই প্ৰশিক্ষণ কাৰ্যসূচী ৷ বড়ো শান্তি চুক্তি(BTR accord) অনুসৰি অসম চৰকাৰে প্ৰাক্তন এনডিএফবি(NDFB)ৰ সদস্য সকলক কৰ্ম সংস্থাপন দিয়াৰ উদ্দেশ্যেৰে আৰম্ভ কৰিছে এই কাৰ্যসূচী ৷ এই অনুষ্ঠানত 120 জন প্ৰাক্তন এনডিএফবিৰ সদস্যই অংশগ্ৰহণ কৰিছে ৷

ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ প্ৰতিষ্ঠান, অসম আৰক্ষীৰ বিশেষ শাখা আৰু অসম চৰকাৰৰ গৃহ বিভাগৰ তৰফৰ পৰা আয়োজন কৰা হৈছে এই কাৰ্যসূচী ৷ উক্ত কাৰ্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰাক্তন এনডিএফবিৰ সদস্য সকলক প্ৰশিক্ষণ দিয়ে অসম আৰক্ষীৰ বিশেষ শাখাৰ মহাপৰিদৰ্শক হীৰেন নাথ, চিৰাং জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়, ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ প্ৰতিষ্ঠানৰ বিষয়ববীয়া সকলে ৷ সোমবাৰৰ পৰা বুধবাৰলৈ চলিব এই প্ৰশিক্ষণ কাৰ্যসূচী ৷

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথৰ মন্তব্য

উল্লেখ্য যে, বড়োলেণ্ডলৈ শান্তি তথা সুস্থিৰ পৰিৱেশ ঘূৰাই অনাৰ উদ্দেশ্যেৰে 2020 বৰ্ষৰ 27 জানুৱাৰী তাৰিখে ভাৰত চৰকাৰ,অসম চৰকাৰ আৰু বড়ো জনগোষ্ঠীৰ নেতৃবৰ্গৰ মাজত ঐতিহাসিক ত্ৰিপাক্ষিক বড়ো শান্তি চুক্তি স্বাক্ষৰিত হৈছিল ৷ চুক্তিত সংগ্ৰাম ত্যাগ কৰি মূল সূঁতিলৈ ঘূৰি অহা সংগ্ৰামী সকলক পুনৰ সংস্থাপন দিয়াৰ কথা উল্লেখ কৰা হৈছিল ৷ তাৰ পৰিপেক্ষিততে সোমবাৰৰ পৰা চিৰাং জিলাৰ ঢালিগাঁৱত আৰম্ভ কৰা হৈছে প্ৰাক্তন এনডিএফবি সদস্য সকলৰ দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী ৷

লক্ষণীয় ভাৱে, ঐতিহাসিক ত্ৰিপাক্ষিক বড়ো শান্তি চুক্তিখন স্বাক্ষৰিত হোৱাৰ পিছতে সামৰণি পৰাৰ দিশে আগবাঢ়িছিল কেইবা দশক ধৰি চলি অহা সশস্ত্ৰ বড়ো সংগ্ৰামখন ৷ কিয়নো চুক্তিখন স্বাক্ষৰিত হোৱাৰ তিনিদিন পিছতেই অৰ্থাৎ 30 জানুৱাৰী, 2020 ত এনডিএফবিৰ 1,615 জন সংগ্ৰামীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে আত্মসমৰ্পণ কৰিছিল ৷

চিৰাঙত প্ৰাক্তন এনডিএফবি সদস্য সকলৰ দক্ষতা বিকাশ প্ৰশিক্ষণ

উল্লেখনীয় যে, বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱা কেইদিন মান পূৰ্বে মূল সূঁতিলৈ ঘূৰি আহিছিল এনডিএফ বিৰ চাওৰাগৌৰা গোটৰ সদস্যসকল ৷ ইয়াৰ পাছতে অধিক প্ৰাসংগিক হৈ পৰিছিল বড়ো শান্তি চুক্তি ৷

লগতে পঢ়কঃ ত্ৰিপুৰাৰ ৰাজনগৰত চিপিআইএম-বিজেপি কৰ্মীৰ প্ৰচণ্ড সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.