ETV Bharat / state

Japanese encephalitis in Assam : চিৰাঙত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্যু

author img

By

Published : Aug 3, 2023, 9:19 PM IST

One Died of Japanese Encephalitis in Chirang
জাপানীজ এনকেফেলাইটিছত মৃত্যু

চিৰাঙত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজনৰ মৃত্যু, আন এজন চিকিৎসাধীন। বঙাইগাঁৱৰ ৫ জন আক্ৰান্ত এই ৰোগত ৷

চিৰাঙত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্যু

চিৰাং, 3 আগষ্ট : চিৰাঙত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ বৃহস্পতিবাৰে এজনৰ মৃত্যু হয় ৷ জিলাখনৰ বাসুগাঁৱৰ ফুলগুৰীৰ বাসিন্দা সুস্মিতা বসুমতাৰী (16) নামৰ কিশোৰীগৰাকী জ্বৰত আক্ৰান্ত হৈ অসুস্থ হৈ পৰাত মঙলবাৰে বঙাইগাঁৱৰ এখন নাৰ্ছিং হোমত ভৰ্তি কৰাইছিল চিকিৎসাৰ বাবে ৷ চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে কিশোৰী গৰাকীৰ মৃত্যু হোৱা বুলি চিকিৎসকে সদৰি কৰিছে ৷

একেদৰে চিৰাং জিলাৰ বিজনী বল্লামগুৰীৰ বাসিন্দা মিলন পাঠক (22) নামৰ এজন যুৱক জ্বৰত আক্ৰান্ত হোৱাত বুধবাৰে বঙাইগাঁৱৰ নাৰ্ছিং হোমত ভৰ্তি কৰা হয় ৷ এইজন যুৱকো জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷ আজি যুৱকজনে কিছু আৰোগ্য লাভ কৰিছে বুলি জানিব পৰা গৈছে ৷ অৱশ্যে এতিয়াও চিকিৎসাধীন অৱস্থাত আছে যুৱকজন ৷

চিৰাং জিলা ভাৰপ্ৰাপ্ত মেলেৰীয়া বিষয়া ডাঃ ৰবিন বড়োয়ে জনায় যে, ইয়াৰ পূৰ্বে জিলাখনত দুজনকৈ লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰিছে ৷ বিষয়াজনে লগতে উল্লেখ কৰে যে এনকেফেলাইটিছ হোৱাৰ সম্ভাৱনা থকা অঞ্চলত ইতিমধ্য জিলা স্বাস্থ্য বিভাগে সজাগতাৰ লগতে ঔষধযুক্ত আঠুৱাৰ ব্যৱস্থা কৰিছে আৰু এনফেলাইটিছ ধৰা পৰা অঞ্চলত বিশেষ ধোঁৱা দিয়াৰো ব্যৱস্থা কৰা হৈছে ৷ ঠায়ে ঠায়ে ৰোগীৰ তেজৰ নমুনা পৰীক্ষা কৰাৰো ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷

তেওঁ লগতে জনায় যে সীমামূৰীয়া অঞ্চল সমূহত এই ৰোগৰ অধিক সম্ভাৱনা থাকে ৷ এইবাৰ জিলাখনত এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ তেনেই কম ৷ আনহাতে তেওঁ প্ৰকাশ কৰা মতে জিলাখনত এতিয়ালৈ 9 গৰাকী লোক মেলেৰিয়াত আক্ৰান্ত হৈ আৰোগ্যও লাভ কৰিছে ৷ চিৰাঙৰ মেলেৰিয়া প্ৰৱণ এলেকা সমূহত এইবছৰ মেলেৰিয়া ৰোগী পোৱা নাই বুলিও প্ৰকাশ কৰে তেওঁ ৷

ইফালে বঙাইগাঁৱৰ ব্যাক্তিগত নাৰ্ছিং হোমৰ চিকিৎসক ডাঃ হিতেশ বৰদলৈয়ে জনায় যে যোৱা সপ্তাহত 6 জন ৰোগী ভৰ্তি হৈছিল চিকিৎসালয়খনত ৷ বঙাইগাঁও জিলাৰ 5 জন এতিয়াও চিকিৎসাধীন অৱস্থাতে আছে ৷ ইয়াৰে দুজন ভেন্টিলেচনত আছে ৷ চিকিৎসকজনে লগতে জনায় যে প্ৰতি সপ্তাহত 20-22 জনকৈ এনকেফেলাইটিছত আক্ৰান্ত ৰোগী ভৰ্তি হয় নাৰ্ছিং হোমখনত ৷

লগতে পঢ়ক : Assam Japanese encephalitis update:লখিমপুৰত জাপানীজ এনকেফেলাইটিছত চৈধ্যজন আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.