পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Sep 14, 2021, 5:03 PM IST

news-at-5

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি

1.ঢেকীয়াখোৱা বৰনামঘৰত আশিস ল’লে সাংসদ গৌৰৱ গগৈয়ে

কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে মঙলবাৰে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ ভাদমহীয়া পালনামত অংশগ্ৰহণ কৰে । সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সাংসদগৰাকীয়ে নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনা চৰকাৰৰ হেমাহীৰ ফলতে সংঘটিত হৈছে বুলি অভিযোগ কৰে ৷ কেৱল মেডিয়াক সন্তুষ্ট কৰিবলৈহে চৰকাৰখনে কেইগৰাকীমান বিষয়া-কৰ্মচাৰীক নিলম্বন অথবা অনান্য চৰকাৰী নিৰ্দেশনা জাৰি কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে সাংসদ গৰাকীয়ে ৷ ইফালে, উপ-নিৰ্বাচনৰ ক্ষেত্ৰত বিশেষকৈ থাওৰা আৰু মৰিয়নি সমষ্টিত পুনৰ কংগ্ৰেছৰে জয় হ'ব বুলি সদৰি কৰে ।

2.নাও দুৰ্ঘটনা: মাজুলীত পুনৰ উদ্ধাৰ এটি মৃতদেহ

মঙলবাৰে পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰৰ জুৱলীত উদ্ধাৰ এটি মৃতদেহ ৷ মাজুলীৰ দক্ষিণ আঁহতগুৰিৰ ভেকেলী চাপৰিত ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ এই মৃতদেহটো ৷ মৃতদেহটো নিমাতীৰ নাও দুৰ্ঘটনাত নিৰুদ্দেশ হৈ থকা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে ৷

3.অখিল গগৈৰ বাবেই থাওৰাত জয়ী হ’ব বিজেপি !

উপ নিৰ্বাচনক লৈ এতিয়া ৰাজ্যৰ ৰাজনৈতিক নেতাসমূহৰ মাজত চলিছে বোকা ছটিওৱাৰ ৰাজনীতি ৷ কংগ্ৰেছ দল আৰু ৰাইজৰ দলে এই নিৰ্বাচনত একলগে প্ৰতিদ্বন্দ্বিতা কৰাৰ আশা কৰা হৈছিল ৷ কিন্তু শেষ মূহুৰ্তত দল দুটাৰ মাজত মিত্ৰতা নোহোৱাত থাওৰাত অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয় ৰাইজৰ দলে ৷ আনহাতে সুশান্ত বৰগোঁহায়ে বিজেপিত যোগদান কৰাৰ পাছত থাওৰাত এতিয়া নাই কংগ্ৰেছৰ কোনো ধৰণৰ নিৰ্বাচনী কুচকাৱাজ ।

4.মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত আছু আৰু ABVP ৰ মাজত সংঘাত

চৰাইদেউ জিলাৰ মৰাণ নগৰস্থিত ঐতিহ্যমণ্ডিত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ মিতালী কোঁৱৰক অপসাৰণৰ দাবীত সোমবাৰে পুনৰ উত্তাল হৈ পৰে মৰাণ মহাবিদ্যালয় চৌহদ ৷ মহাবিদ্যালয়খনৰ কেইবাশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱেশদ্বাৰত অৱস্থান কৰি বিতৰ্কিত অধ্যক্ষাগৰাকীক মহাবিদ্যালয়ৰ ভিতৰত প্ৰৱেশত বাধা প্ৰদান কৰে ৷

5.কা' আইন বাতিলৰ দাবীত তিনিচুকীয়াত এজেপিৰ প্ৰতিবাদ

অসম জাতীয় পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম জাতীয় পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে কা' আইন বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ ইয়াৰ লগতে অসম চুক্তিৰ ৫ আৰু ৬ নং দফা ৰূপায়নৰ দাবী উত্থাপন কৰে অসম জাতীয় পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে ৷

6.নাও দুৰ্ঘটনাৰ ছদিন পিছতহে নিমাতীঘাট পৰিদৰ্শন লুৰিণৰ

নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা এগৰাকীক বাদ দি আনগৰাকী মন্ত্ৰী, বিষয়া, নেতাৰ সোঁত বৈছে নিমাতীঘাটলৈ ৷ মঙলবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ উপস্থিত হয় নিমাতীঘাটত ৷ লুৰিণজ্যোতি গগৈয়ে নিমাতীঘাটত চৰকাৰৰ অকৰ্মণ্যতাৰ বাবে এই নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰে ৷

7.তৃণমূল, চিপিআইএমে সাম্প্ৰদায়িকতা বিয়পাইছে : বিপ্লৱ দেৱ

সোমবাৰে দলীয় এক ৰেলীত অংশগ্ৰহণ কৰি তৃণমূল কংগ্ৰেছ আৰু চিপিআই(এম)ৰ বিৰুদ্ধে সৰৱ হৈ পৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ ৷ দুয়োটা দলে ৰাজ্যখনত সাম্প্ৰদায়িকতা বিয়পাবলৈ চেষ্টা কৰা বুলি অভিযোগ বিপ্লৱ দেৱৰ ৷

8.সংবাদ প্ৰতিষ্ঠানক আক্ৰমণৰ ঘটনাক সমালোচনা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ

আগৰতলাত সংবাদ প্ৰতিষ্ঠানৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক নিন্দা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ৷ এই কাৰ্যৰে জড়িত থকা দলক নিজে আগুৱাই আহি দোষীৰ বিৰুদ্ধে অনুশাসনসমূলক ব্যৱস্থা গ্ৰহণৰ দাবী ত্ৰিপুৰাৰ বিজেপি বিধায়ক সুদীপ ৰয় বৰ্মনৰ ৷

9. পাৰঘাটৰ পৰা ঘৰলৈ উভতিব নোৱাৰি সহস্ৰাধিক যাত্ৰীৰ মাজত হাহাকাৰ

ধুবুৰীৰ লঞ্চ ঘাটত(Launch Ghat) যাত্ৰীৰ মাজত হাহাকাৰ ৷ ফেৰী সেৱা বন্ধ কৰি দিয়াৰ বাবে ঘৰলৈ উভতিব পৰা নাছিল দক্ষিণ পাৰৰ যাত্ৰীসকলে ৷ অৱশেষত পাৰঘাটত জিলা উপায়ুক্ত উপস্থিত হৈ বিভিন্ন প্ৰান্তৰ যাত্ৰীসকলক ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰে ।

10.বিশ্বকৰ্মাৰ প্ৰতিমাত অন্তিম বোল দিয়াত ব্যস্ত মৃণ্ময় শিল্পী

বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ যিমানে দিন চমু চাপিছে, সিমানে বৃদ্ধি পাইছে মৃণ্ময় শিল্পীৰ ব্যস্ততা । কৰ’ণাৰ পৰিৱেশ কিছু শাম কটাৰ লগে লগে মৃণ্ময় শিল্পীৰ তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । নলবাৰী জিলাৰ প্ৰাণকেন্দ্ৰস্বৰূপ হৰিমন্দিৰত সদানন্দ কলিতাৰ নেতৃত্বত কেইবাগৰাকীও শিল্পীয়ে বিশ্বকৰ্মাৰ মূৰ্তি সাজি উলিয়াইছে । বংশানুক্ৰমিকভাৱে এইগৰাকী শিল্পীয়ে বিশ্বকৰ্মা, দুৰ্গা, লক্ষ্মীকে ধৰি বিভিন্ন দেৱ-দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰি আহিছে । বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ তিনিটা দিন বাকী থকা অৱস্থাত মৃণ্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে শিল্পীসকল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.