ETV Bharat / state

বিজনীত নিৰ্বাচনী প্ৰচাৰত এজেপিৰ নেত্ৰী জেৰিফা ৱাহিদ

author img

By

Published : Mar 30, 2021, 9:30 AM IST

চিৰাঙৰ বিজনীত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰূপম কুমাৰ দাসৰ সমৰ্থনত অভিনেত্ৰী জেৰিফা ৱাহিদৰ নিৰ্বাচনী প্ৰচাৰ ৷ গাঁৱে-গাঁৱে প্ৰচাৰ জনপ্ৰিয় অভিনেত্ৰীৰ ৷

চিৰাঙত নিৰ্বাচনী প্ৰচাৰত অজাপৰ নেত্ৰী জেৰিফা ৱাহিদ
চিৰাঙত নিৰ্বাচনী প্ৰচাৰত অজাপৰ নেত্ৰী জেৰিফা ৱাহিদ

বিজনী,30 মাৰ্চ: ৰাজ্যত অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে বিটিআৰৰ জিলাসমূহত ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান ।

চিৰাঙৰ ৩৩ নং বিজনী বিধানসভা সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰূপম কুমাৰ দাসে সমষ্টিটোত অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান ৷ ঘৰে-ঘৰে, গাঁৱে-গাঁৱে, বিজনী চহৰত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে সোমবাৰে অসম জাতীয় পৰিষদৰ নেত্ৰী তথা অভিনেত্ৰী জেৰিফা ৱাহিদে সমষ্টিটোত কেইবাখনো নিৰ্বাচনী সভাত অংশ লয় ৷

বিজনীত নিৰ্বাচনী প্ৰচাৰত এজেপিৰ নেত্ৰী জেৰিফা ৱাহিদ

অভিনেত্ৰী গৰাকীয়ে বিজনী বিধানসভা সমষ্টিৰ পুৰাণ বিজনী, আলুখুন্দা, বাগৰগাঁও, ভূমকিপাৰা, হাতীমাৰা, ভাওৰাগুৰি, দতুৰি আদি গাঁৱত প্ৰাৰ্থী ৰূপম দাসৰ সৈতে প্ৰচাৰ অভিযান চলায় ৷ অভিনেত্ৰী গৰাকীয়ে খিলঞ্জীয়াৰ সুৰক্ষা, সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়ি তোলাৰ লক্ষ্যৰে আগুৱাই আহি অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়কঃ বৰপেটাত মইনবৰীত বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.