ETV Bharat / state

বিজনীত হস্তনিৰ্মিত বন্দুক আৰু হৰিণাৰ ছালসহ এজনক গ্ৰেপ্তাৰ

author img

By

Published : Feb 13, 2021, 7:28 PM IST

বিজনীৰ ২নং দংশীয়াপাৰা গাঁৱত বন বিভাগ, আৰক্ষী আৰু এছ এছ বিৰ যৌথ অভিযানত হস্তনিৰ্মিত বন্দুক আৰু হৰিণাৰ ছাল জব্দ । ফজৰ আলী নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলটোৱে ।

বিজনীত হস্তনিৰ্মিত বন্দুক আৰু হৰিণাৰ ছালসহ এজনক গ্ৰেপ্তাৰ
বিজনীত হস্তনিৰ্মিত বন্দুক আৰু হৰিণাৰ ছালসহ এজনক গ্ৰেপ্তাৰ

চিৰাং, ১৩ ফেব্ৰুৱাৰী: চিৰাঙৰ বিজনীৰ দংশীয়াপাৰাত পুৱতি নিশা বন বিভাগ, আৰক্ষী আৰু এছ এছ বিয়ে যৌথ অভিযান চলায় । দংশীয়াপাৰা গাঁৱৰ ফজৰ আলী নামৰ এজন লোকৰ ঘৰ ঘৰত অভিযান চলোৱা হয় । এই অভিযানত হস্তনিৰ্মিত একনলীয়া বন্দুক আৰু হৰিণাৰ ছাল জব্দ কৰে অভিযানকাৰী দলটোৱে ।

পুৱতি নিশা ৩ বজাত এই সামগ্ৰীখিনি জব্দ কৰাৰ লগতে অভিযানকাৰী দলটোৱে ফজৰ আলীকো গ্ৰেপ্তাৰ কৰে । শনিবাৰে ফজৰ আলীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হৰিণা হত্যা কৰাত ফজৰে এই বন্দুক ব্যৱহাৰ কৰাৰ সন্দেহ কৰিছে বন বিভাগে । ফজৰ আলীৰ বাসগৃহৰ পৰা অস্ত্ৰ উদ্ধাৰ হোৱাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:"অসমৰ ৰাইজ মদাহী নেকি ?" লেখানুদান দেখি প্ৰশ্ন প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.