ETV Bharat / state

বিটিচিত এতিয়া ভাৰতীয় জনতা পাৰ্টী গুচি বড়ো জাতীয় পাৰ্টী হৈ পৰিছেঃ নৱ কুমাৰ শৰণীয়া

author img

By

Published : Nov 29, 2020, 9:19 PM IST

বিটিচিত বিজেপি এতিয়া ভাৰতীয় জনতা পাৰ্টী হৈ থকা নাই বড়ো জাতীয় পাৰ্টী হৈ পৰিছেঃ নৱ কুমাৰ শৰণীয়া
বিটিচিত এতিয়া ভাৰতীয় জনতা পাৰ্টী গুচি বড়ো জাতীয় পাৰ্টী হৈ পৰিছেঃ নৱ কুমাৰ শৰণীয়া

বিটিচিৰ বিভিন্ন সমষ্টিত গণ সুৰক্ষা দলৰ প্ৰাৰ্থীৰ হৈ দিনে নিশাই প্ৰচাৰত ব্যস্ত কোকৰাঝাৰ লোক সভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া ৷

চিৰাং,29 নৱেম্বৰঃ বিটিচিৰ নিৰ্বাচনৰ মাৰাথন প্ৰচাৰত ব্যস্ত কোকৰাঝাৰ লোকসভা সমষ্টীৰ সাংসদ নৱ কুমাৰ শৰণীয়া । প্ৰতিটো পৰিষদীয় সমষ্টীৰ বুথ কমিটীৰ নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰাত নিজেই ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । চিৰাঙৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ হাশ্ৰাওবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণৰ অন্তত সাংসদ জনে কয় যে, ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিটিচিৰ বড়ো-অবড়োৰ কাজিয়াত নোসোমোৱাই ভাল । কাৰণ এই কাজিয়াৰ গভীৰতা ইমানেই যে, ইয়াত সোমোৱা দল সমূহৰ দিছপুৰ অভিযানত যতি পৰিব পাৰে বুলি শৰণীয়াই কয় । আজি বিটিচিৰ যি সমূহ প্ৰধান সমস্যা যেনে ভূমিৰ সমস্যা, জনজাতীকৰণ, ভাষাৰ সমস্যা আদি । সাংসদ জনে কয় যে, ব্যাক্তিগত ভাৱে কাৰো লগত কোনো মনোমানিল্য নাই । কিন্ত ৰাষ্ট্ৰীয় দল বিটিচিত আহিলেও বিটিচি বাসীয়ে আমাৰ পিনেহে গভীৰ আশাৰে বাট চাই আছে । সেয়ে বিটিচি বাসীৰ স্বাৰ্থতকৈ কোনো ৰাজনৈতিক দলৰ আকাঙ্খা বা ৰাজনৈতিক মতাদৰ্শ আমাৰ বাবে ডাঙৰ নহয় ।

বিটিচিত এতিয়া ভাৰতীয় জনতা পাৰ্টী গুচি বড়ো জাতীয় পাৰ্টী হৈ পৰিছেঃ নৱ কুমাৰ শৰণীয়া

সাংসদ জনে স্পষ্টভাৱে কয় যে, সন্মুখত বাঘ, সিংহ, শিয়াল যিয়ে আহিব সেই লৈ আমাৰ কবলগীয়া নাই, আমি মাথো যুঁজিম । আমাৰ মূল মন্ত্ৰই হ’ল যুঁজিম, জিকিম আৰু ইয়াত বাচি থাকিম । মোৰ ধাৰণা, আমাৰ এই মন্ত্ৰৰ প্ৰতি ৰাইজ আকৰ্ষিত হৈছে । যিহেতু আমাৰ এজেণ্ডা সমূহ মোৰ নহয়, ৰাইজৰ হে। ৰাইজৰ এজেণ্ডাক মই মাথো পৰিকল্পনাৰে আগুৱাই লৈ গৈছো । ৰাইজে মোক ভোট দান কৰি নিজৰ অধিকাৰেৰে জীয়াই থকাৰ সুবিধা লাভ কৰিছে । ইয়াৰ প্ৰমান দুবাৰকৈ ৰাইজে দিছে মোক ভোটদানেৰে জয়ী কৰাই । মোৰ মতে বিটিচি নিৰ্বাচন জিকাটো মোৰ কাৰণে সৰু কথা । পূৰ্ৱতে হাৰা বাজি জিকিছিলো আৰু এতিয়া জিকা বাজি আমি কেতিয়াও নাহাৰো বুলিও কয় সাংসদ শৰণীয়াই । বিজেপি-বিপিএফৰ কাজিয়া গিৰিয়েক ঘৈনিয়েকৰ কাজিয়া । সমাজত গিৰিয়েক ঘৈনিয়েকৰ কাজিয়া হয় বুলিয়ে তালাক নহয় সদায় । এই বিজেপি-বিপিএফৰ কাজিয়া চকীক লৈহে । একেদৰেই বিপিএফ ইউপিপিএলৰো চকি লৈ কাজিয়া, মতাদৰ্শ লৈ নহয় বুলি কয় সাংসদ জনে ।

বিজেপিয়েও জানিছে যে হাগ্ৰামাৰ ঠাইত প্ৰমোদ বড়োক লিডাৰ বা বিটিচিৰ মুৰব্বী বনাব পাৰিলে উত্তৰ পুৰ্ব্বাঞ্চলত তাক খটাব পাৰিব । কাৰণ জনজাতীয় অঞ্চলত প্ৰমোদ বড়োৰ যথেষ্ট প্ৰভাৱ আছে । প্ৰধান মন্ত্ৰী মোদীয়ে কোকৰাঝাৰত আহি প্ৰমোদৰ চেহেৰা দেখি পচন্দ কৰিছে আৰু নেতা বনোৱাৰ কথা ভাৱিছে বুলি দিল্লীৰ পৰাই কাঢ়া নিৰ্দেশ দিছে সোণোৱাল-হিমন্তক । বহুতে কৈছেও প্ৰমোদক যিকোনো প্ৰকাৰে জিকাব লাগে আৰু হাগ্ৰামাক বাদ দিব লাগে, এই বুলিও কয় শৰণীয়াই । ৰাজ্য সভাৰ সাংসদ বিজেপিৰ এটা সম্পদ । বিশ্বজিত দৈমাৰী বিপিএফৰ পৰা প্ৰতিনিধিত্ব কৰি থকাৰ বাবে দুদিন পিচত আঁতৰাবই লাগিব বুলি ভাবিয়েই বিজেপিয়ে বিপিএফৰ পৰা আঁতৰাই আনিলে দৈমাৰীক আৰু আকৌ সাংসদ বনাব বিজেপিয়ে । বিটিচি গঠন নৱ শৰণীয়াৰ টিম আৰু অন্যান্যক লৈ কৰিব । গতিকে বিজেপি, বিপিএফ আৰু ইউপিপিএল আটাইখিনি মিলি দহখন আশনৰ মাজতে ৰখাৰ চেষ্টা কৰা বুলিও কলে শৰণীয়াই । তেওঁলোকৰ দুই চাৰিজনক কিনা বেছা কৰাৰো অংক আছে বুলি কয় শৰণীয়াই । আমি ৩০ টা পাম বুলি ভাৱিছিলো যদিও আমাক ২১ টাহে লাগে, গতিকে চিন্তাৰ কাৰণ নাই । বিটিচিত বিজেপি এতিয়া ভাৰতীয় জনতা পাৰ্টী হৈ থকা নাই, বড়ো জাতীয় পাৰ্টী হৈ পৰিছে বুলি মন্তব্য কৰে সাংসদ শৰণীয়াই ।

লগতে পঢ়কঃ মৈত্ৰী যোজনাৰ অধীনত কৰিমগঞ্জত আৰক্ষী ভৱনৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.