ETV Bharat / state

চিৰাঙত আই নদীত জাহ গ'ল শতাধিক লোকৰ ঘৰ বাৰী

author img

By

Published : Aug 12, 2020, 2:19 PM IST

চিৰাঙত আই নদীত জাহ গ'ল শতাধিক লোকৰ ঘৰ বাৰী
চিৰাঙত আই নদীত জাহ গ'ল শতাধিক লোকৰ ঘৰ বাৰী

আই নদীয়ে কালৰূপ ধাৰণ কৰিছে চিৰাং জিলাত। আই নদীৰ বানপানী আৰু গৰাখহনীয়াত নিশ্চিহ্ন প্ৰায় কেবাখনো গাঁও। চৰকাৰী ভাৱে বান-গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব‍্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।

চিৰাং,12 আগষ্টঃ চিৰাং জিলাৰ আই নদীৰ বানপানী আৰু গৰাখহনীয়াই ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । আই নদীয়ে হঠাত গতি সলাই গাঁও তথা কৃষিভূমিৰ মাজেৰে সোমাই আহিছে । ডাবাবিল নামৰ এখন গাঁও ইতিমধ‍্যে আই নদীৰ গৰাখহনীয়াৰ ফলত সম্পূৰ্ণ ৰূপে নদীৰ বুকুত জাহ গৈছে । যোৱা ১৫ দিন পূৰ্বে মাদাৰপুৰ গাঁৱৰ বান্ধ ছিগি আই নদীৰ বাঢ়নি পানী সোমাই আহে । যাৰ ফলত ক্ষতিগ্ৰস্ত হয় মাদাৰপুৰ,নাথুৰবাৰী,ডেবৰবিল আৰু নেপালপাৰা গাঁও । আই নদীয়ে বান্ধ ছিগি পানী সোমাই অহাৰ পিচতে নদীখনে গতি সলাই মাদাৰপুৰ গাঁৱৰ মাজেৰে সোমাই অহাত ইতিমধ‍্যে গাঁওখন নিশ্চিহ্ন হোৱাৰ পথত । বানৰ কৱলত পৰি ডেৰ শতাধিক ঘৰ নদীৰ বুকুত বিলীন হৈ গৈছে । ইয়াৰোপৰি নিতৌ হৈ থকা গৰাখহনীয়াত প্ৰতিদিনে ৭-৮ টা কৈ ঘৰ গৰাখহনীয়াৰ কৱলত পৰিছে ।

চিৰাঙত আই নদীত জাহ গ'ল শতাধিক লোকৰ ঘৰ বাৰী

হেজাৰ হেজাৰ বিঘা কৃষিভূমি আই নদীৰ খহনীয়াত জাহ গৈছে । গাঁওবাসীৰ মাজত হাহাকাৰ অৱস্থা, ক'লৈ যাব,কি খাব,ক'ত থাকিব তাৰ কোনো ওৱাদিহ বিচাৰি নোপোৱা হৈছে। চৰকাৰে বান-গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব‍্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই আজি এই অৱস্থাৰ সন্মুখীন হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় গাঁওবাসীয়ে ৷ বান-গৰাখহনীয়াত সৰ্বস্বান্ত লোকৰ কোনো ব‍্যৱস্থাও গ্ৰহণ কৰা নাই চৰকাৰে। ইফালে গাঁও কেইখনক চাৰিওদিশে পানীয়ে আগুৰি ধৰাত কোনো ফালেই ওলাই যোৱাৰো সুবিধা নাই। এক মাত্ৰ নাওখনেই যাতায়াতৰ একমাত্ৰ সম্বল হৈ পৰিছে ।

chirang-massive-flood-and-erosion-destroyed-villages-etv-bharat-assam-special-report
গৰাখহনীয়াই সৰ্বস্বান্ত কৰিছছে নৈপৰীয়া ৰাইজক
chirang-massive-flood-and-erosion-destroyed-villages-etv-bharat-assam-special-report
ঘৰ বাৰী সকলো এতিয়া নৈৰ বুকুত
এই দুৰ্দশাৰ সময়ত বন‍্যাৰ্ত সকলে চৰকাৰৰ সহায় ভিক্ষা কৰিছে । বান-গৰাখহনীয়াৰ প্ৰতিৰোধ কৰি কৃষিজীৱী দৰিদ্ৰলোক সকলক ৰক্ষা কৰাৰ দাবী জনাইছে । খাদ‍্যৰ অভাৱত পৰিছে পশুধন সমূহ। যাৰ বাবে তজবজীয়াকৈ গজি উঠা শালি ধান গৰু-ম'হক খুৱাবলগীয়া হৈছে । চাৰিওদিশে পানী আৰু পানী । ভূটানত বৰষুণ হ'লেই হঠাতেই নদীৰ পানী বৃদ্ধি পায় উফন্দি উঠে আই নদীৰ বুকু ৷ ক্ৰমাৎ ভয়াৱহ হৈ পৰাৰ আশংকা কৰা হৈছে চিৰাঙৰ বান পৰিস্থিতি ৷
chirang-massive-flood-and-erosion-destroyed-villages-etv-bharat-assam-special-report
আই নদীৰ ভয়ংকৰ ৰূপ

লগতে চাওকঃ চিৰাঙত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.