ETV Bharat / state

চিৰাঙ আই নদীৰ বান-গৰাখহনীয়াক লৈ শংকিত ৰাইজ

author img

By

Published : May 26, 2021, 1:36 PM IST

chirang-flood-erosion-protection-need
চিৰাঙৰ আই নদীৰ বান-গৰাখহনীয়া লৈ শংকিত ৰাইজ

আই নদীৰ খহনীয়াই কাল মাতিছে দাঁতি কাষৰীয়া ৰাইজলৈ ৷ আই নদীৰ বান-গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিটিচিৰ ধনেৰে বালিৰ এটা মথাউৰি বান্ধিছে কিন্তু বাৰিষাৰ প্ৰথমজাক বানতেই এই বালিৰ মথাউৰি খহাই নিয়াৰ আশংকা কৰিছে স্থানীয় লোকে ।

চিৰাঙ, 26 মে’ : কৰ'ণা মহামাৰীৰ পাচতে ৰাজ্যত এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে বান আৰু খহনীয়াই ৷ সমাগত বাৰিষাক লৈ চিন্তিত হৈ পৰিছে আই নদীৰ দাঁতি কাষৰীয়া ৰাইজ ৷ উল্লেখ্য যে, বিগত বছৰ আই নদীয়ে গতি সলাই ডাবাবিল গাঁওখন সম্পূৰ্ণ ৰূপে গৰাখহনীয়াত আই নদীৰ বুকুত বিলিন হোৱাৰ লগতে মাদাৰপুৰ গাঁওখনৰ মাজেৰে যোৱাত গাঁওখনৰ প্ৰায় আধাতকৈ বেছি নদীত বিলীন হৈছিল ।

এই সন্দৰ্ভত মন্ত্ৰী-বিধায়ক, জিলা উপায়ুক্তই অঞ্চলটো ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছিল যদিও গাঁওবাসীৰ সুবিধাৰ্থে কোনো কাম কৰা নাই বুলি অভিযোগ কৰিছে স্থানীয় লোকে । আনহাতে, আই নদীৰ বান-গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিটিচিৰ ধনেৰে বালিৰ এটা মথাউৰি বান্ধিছে কিন্তু বাৰিষাৰ প্ৰথমজাক বানতেই এই বালিৰ মথাউৰি খহাই নিয়াৰ আশংকা কৰিছে স্থানীয় লোকে ।

চিৰাঙৰ আই নদীৰ বান-গৰাখহনীয়া লৈ শংকিত ৰাইজ

আনফালে, বান বিধস্ত সকলে দাবী কৰে যে পৰিৱৰ্তনৰ বাবেই তেওঁলোকৰ ভোটদানেৰে বিটিচিত নতুন চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে ৷ সেয়েহে প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিচি চৰকাৰ খনে নিশ্চয় বাৰিষাৰ পূৰ্বেই তেওঁলোকক ৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছে । ইয়াৰ উপৰিও ৰাইজে অঞ্চলটো ৰক্ষাৰ বাবে ব’ল্ডাৰ প্ৰটেকচনৰ দাবী জনায় । অন্যথা মাথো দুখন গাঁও নহয়, প্ৰায় কেইবাখনো গাঁও বিলিন হ’ব আই নদীৰ বুকুত । গতিকে বাৰিষাৰ পূৰ্বেই বান-গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা তৎকালিনভাৱে ব্যৱস্থাৰ দাবী জনায় অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক : উত্তৰ পূৱৰ সৈতে শাৰিৰীক ব্যৱধান হ্ৰাস পালেও মনৰ ব্যৱধান এতিয়াও বিদ্যমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.