ETV Bharat / state

দৈজিং মহোৎসৱৰ সকলো কাৰ্যসূচী বাতিল

author img

By

Published : Dec 28, 2020, 7:14 PM IST

chirang dwijing festival cancel assam etv bharat news
দৈজিং মহোৎসৱৰ সকলো কাৰ্যসূচী বাতিল

এইবেলি বাতিল হৈছে চিৰাঙৰ দৈজিং মহোৎসৱৰ কাৰ্যসূচী ৷ কোভিড 19 তথা বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বাতিল কৰা হয় প্ৰতিবছৰে অনুষ্ঠিত বাৰেৰহণীয়া দৈজিং মহোৎসৱ ৷ দৈজিং মহোৎসৱ বাতিল হোৱাত স্থানীয় লোকে বছৰৰ শেষত পিকনিক খোৱাৰ বাবে নিৰ্বাচন কৰে আই নদীৰ পাৰ ৷

চিৰাং, 28 ডিচেম্বৰ : বিগত প্ৰায় 4 বছৰৰ পৰা চিৰাঙৰ আই নদীৰ পাৰত অনুষ্ঠিত হৈ আহিছে দৈজিং মহোৎসৱ ৷ আই নদীৰ ওপৰত থকা হাগ্ৰামা দলঙৰ সমীপত অনুষ্ঠিত এই মহোৎসৱলৈ আগমন ঘটে বিভিন্ন দেশী-বিদেশী পৰ্যটকৰ ৷ প্ৰতিবছৰে 27 ডিচেম্বৰৰ পৰা 12 দিনীয়াকৈ অনুষ্ঠিত হৈছিল এই মহোৎসৱ ৷ অসম চৰকাৰ আৰু বিটিচি চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত অনুষ্ঠিত এই দৈজিং মহোৎসৱে বিগত বৰ্ষত বিভিন্ন শিতানত এছিয়াৰ ভিতৰত পাঁচটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷

chirang dwijing festival cancel assam etv bharat news
নিস্তব্ধ আই নদীৰ পাৰ

উল্লেখ্য যে, বিগত বৰ্ষসমূহত এই মহোৎসৱলৈ প্ৰতিদিনে সোঁত বৈছিল লক্ষাধিক লোকৰ ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বহুকেইগৰাকী বলীউডৰ তাৰকাৰ সমাগম ঘটিছিল এই অনুষ্ঠানলৈ ৷ এই মহোৎসৱত জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ লগতে মুক্তভাৱে দেশী-বিদেশী সুৰাৰ লগতে যৌনতাৰ বেহা চলাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল এবছুকে ধৰি বিভিন্ন দল-সংগঠনে ৷ কোকৰাঝাৰৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়ায়েও ইয়াৰ বিৰোধিতা কৰিছিল ৷

দৈজিং মহোৎসৱৰ সকলো কাৰ্যসূচী বাতিল

চলিত বৰ্ষত অনুষ্ঠিত নহয় বহু বিতৰ্কিত এই মহোৎসৱ ৷ কৰ’ণা ভাইৰাছৰ বাবে নতুবা বিটিআৰৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ বাবে এই মহোৎসৱ অনুষ্ঠিত নহ’লেও এতিয়া লোকাৰণ্য হৈ পৰিছে আই নদীৰ পাৰ ৷ সম্প্ৰতি পিকনিক খাবলৈ আই নদীৰ পাৰলৈ আগমন ঘটিছে ভিন্ন স্থানৰ লোকৰ ৷ নৈৰ পাৰত সমবেত লোকসকলে দৈজিং মহোৎসৱৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰা বুলি ব্যক্ত কৰে ৷ তথাপিও সকলোৰে আশা সকলো প্ৰতিবন্ধকতা নেওচি পুনৰায় অনুষ্ঠিত হ’ব পঞ্চম বাৰ্ষিক দৈজিং মহোৎসৱ ৷

লগতে চাওকঃ 22 দিনৰ অন্তত আত্মসমৰ্পন ডিব্ৰুগড়ৰ জ্যেষ্ঠ চিকিৎসক অজন্তা হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.