ETV Bharat / state

বিজনীত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত

author img

By

Published : Mar 8, 2021, 7:23 AM IST

বিজনী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাট
বিজনী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাট

বিজনী সমষ্টিত কংগ্ৰেছ আৰু বিপিএফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাক লৈ ক্ষোভিত হৈ পৰিছে একাংশ কংগ্ৰেছ কৰ্মী ৷ কোনো কাৰণতে মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থন নকৰে বিজনী কংগ্ৰেছে ।

চিৰাং,8 মাৰ্চ: বিজেপিৰ ভিতৰচ’ৰাত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ দৰে কংগ্ৰেছৰ ভিতৰচ'ৰাটো আৰম্ভ হৈছে গৃহ কণ্ডল ৷ বিজেপিৰ সমান্তৰালভাৱে কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটত কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল তাক লৈ সমষ্টিয়ে সমষ্টিয়ে সৃষ্টি হৈছে সংঘাত ৷ বিজনী সমষ্টিত কংগ্ৰেছ আৰু বিপিএফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাক লৈ ক্ষোভিত হৈ পৰিছে একাংশ কংগ্ৰেছ কৰ্মী ৷ সমষ্টিটো কোনো কাৰণতে বিপিএফক এৰি নিদিয়াৰ হুংকাৰ দি থকাৰ সময়তে বিপিএফৰ প্ৰাৰ্থীক নিৰ্বাচনৰ বাবে টিকট প্ৰদান কৰাৰ পিছতে ক্ষোভিত হৈ পৰিছে কৰ্মীসকল ৷

বিজনী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাট

ক্ষোভিত কৰ্মীসকলে দেওবাৰে সোণাইখোলা বজাৰত প্ৰতিবাদ সাব্যস্ত কৰে ৷ কোনো কাৰণতে মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থন নকৰে বিজনী কংগ্ৰেছে । অন্যথা সমুহীয়াভাৱে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ হুংকাৰ দিয়ে বিজনী কংগ্ৰেছৰ বহু জ্যেষ্ঠ সদস্যৰ লগতে আলুখুণ্ডা গাঁও পঞ্চায়তৰ সভাপতি কবিৰ হুছেইনে ।

লগতে পঢ়ক: জাঁজীত মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক বিপুল আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.