ETV Bharat / state

চিৰাঙত বৰদিন উদযাপন

author img

By

Published : Dec 25, 2020, 5:06 PM IST

সম্পূৰ্ণ বড়ো ভাষাৰে পৰিচালিত হোৱা চিৰাঙৰ বামুন গাঁৱৰ বড়ো বাপতিষ্ট গীৰ্জাত উদযাপন কৰা হয় বৰদিন । বৰদিন উপলক্ষে গীৰ্জাটোত অনুষ্ঠিত কৰা হয় ধৰ্মীয় উপাসনা ৷

Chirang Boro Baptist Christmas
চিৰাঙত বৰদিন উদযাপন

চিৰাং,25 ডিচেম্বৰ: আজি সমগ্ৰ বিশ্বতে উলহ-মালহেৰে পালন কৰা হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ উৎসৱ বৰদিন ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ চিৰাঙৰ বামুনগাঁৱতো আয়োজন কৰা হৈছে বৰদিনৰ ৷ বামুনগাঁৱৰ বড়ো বাপ্তিষ্ট গীৰ্জাত সম্পূৰ্ণ বড়ো ভাষাত সকলো ধৰ্মীয় পুথিৰ লগতে ধৰ্মীয় শ্লোক পাঠ কৰা হয় ৷ বৰদিন উপলক্ষে পুৱাৰে পৰা গীৰ্জাটোত অনুষ্ঠিত কৰা হয় ধৰ্মীয় উপাসনা ৷

Chirang Boro Baptist Christmas
চিৰাঙত বৰদিন উদযাপন

উল্লেখ্য যে, প্ৰতি বছৰে গীৰ্জা ঘৰটোত উদযাপন কৰা হয় পৱিত্ৰ উৎসৱ বৰদিন ৷ বৰদিন উপলক্ষে আয়োজন কৰা এই উৎসৱত উপস্থিত থাকে অঞ্চলটোৰ শতাধিক লোক ৷

Chirang Boro Baptist Christmas
চিৰাঙত বৰদিন উদযাপন

অন্য এক খবৰৰ বাবে: বঙাইগাঁৱত 9 বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.