ETV Bharat / state

বিজনীত আৰক্ষীৰ জালত চোৰাং গৰুভৰ্তি ট্ৰাক

author img

By

Published : Dec 13, 2020, 3:42 PM IST

Chirang Bijni illegal Cow carrier truck seized
পুনৰ আৰক্ষীৰ জালত ২৬ টা চোৰাং গৰু সহ এখন ট্ৰাক

চিৰাঙৰ বিজনীৰ টোল গেটৰ পৰা দেওবাৰে আৰক্ষীয়ে জব্দ কৰে অবৈধভাৱে কঢ়িয়াই অনা ২৬ টা গৰুসহ এখন ট্ৰাক ।পশ্চিমবংৰ ধূপগুৰীৰ পৰা বৰপেটাৰোড অভিমুখে আহি আছিল ট্ৰাকখন ৷

চিৰাং, 13 ডিচেম্বৰ: সংবাদ মাধ্যমত গৰুৰ অবৈধ বেহাৰ বিৰুদ্ধে ধাৰাবাহিক বাতৰি সম্প্ৰচা়ৰ হোৱাৰ পাচতো বৰ্তমানেও ৰাজ্যত অব্যাহত আছে গৰুৰ অবাধ সৰবৰাহ ৷ চিৰাঙৰ বিজনীৰ টোল গেটৰ পৰা দেওবাৰে আৰক্ষীয়ে জব্দ কৰে অবৈধভাৱে কঢ়িয়াই অনা ২৬ টা গৰুসহ এখন ট্ৰাক ।

Chirang Bijni illegal Cow carrier truck seized
গৰু চোৰাং সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

জানিব পৰা মতে, এক গোপন সুত্ৰৰ পম খেদি বিজনী আৰক্ষীৰ এটা দলে অব্যাহত ৰাখিছিল তালাচী অভিযান ৷ ইয়াৰ পাচতে পশ্চিমবংৰ ধূপগুৰীৰ পৰা বৰপেটাৰোড অভিমুখে আহি থকা অৱস্থাত বিজনী আৰক্ষীয়ে পুৱতি নিশা জব্দ কৰে চোৰাং গৰু ভৰ্তি ট্ৰাকখন ৷ ট্ৰাকখনৰ নম্বৰ হৈছে AS-01-KC-1333 ৷

Chirang Bijni illegal Cow carrier truck seized
চোৰাং গৰু ভৰ্তি ট্ৰাকখন

আৰক্ষীৰ সুত্ৰই সদৰী কৰা অনুসৰি, ট্ৰাক খনৰ পৰা 26 টা গৰু জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে 2 জন লোকক ৷ লোক দুজন ক্ৰমে হাউলীৰ আবুল হাছান (২৬) আৰু বৰপেটাৰোডৰ আজগড় আলি(২৬) বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক দুজনৰ সোধ-পোছ অব্যাহত ৰাখিছে ।

পুনৰ আৰক্ষীৰ জালত ২৬ টা চোৰাং গৰু সহ এখন ট্ৰাক

লগতে পঢ়ক: শান্তি সদ্ভাৱনা যাত্ৰাত সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে প্ৰয়াত তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.