ETV Bharat / state

চিৰাঙত হস্তনিৰ্মিত বন্দুকসহ আটক এজন

author img

By

Published : Jul 31, 2019, 4:47 PM IST

চিৰাঙত হস্ত নিৰ্মিত বন্দুকসহ আটক এজন

চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বল্লমগুড়ীৰ বাউতিপাৰাত মঙলবাৰে মাজনিশা আৰক্ষীয়ে অভিযান চলাই মনোজ মুছাহাৰী নামৰ লোকজনৰ ঘৰৰ পৰা 2 টা হস্তনিৰ্মিত বন্দুকসহ 10 জাই সজীৱ গুলী আৰু এটা খালী কাৰ্টুজ উদ্ধাৰ কৰে ৷

চিৰাং, 31 জুলাইঃ চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বল্লমগুড়ীৰ বাউতিপাৰাত মঙলবাৰে মাজনিশা বিজনী মহকুমাৰ আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই মনোজ মুছাহাৰী নামৰ এজন লোকৰ ঘৰৰ পৰা 2 টা হস্তনিৰ্মিত বন্দুকসহ 10 জাই সজীৱ গুলী আৰু এটা খালী কাৰ্টুজ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্যযোগ্য যে, সোমবাৰে নিশা একেজন ব্যক্তিৰ ঘৰৰ পৰা আৰক্ষীয়ে এটা বন্দুকসহ বাৰুদ আৰু বন্দুক নিৰ্মাণ কৰা সামগ্ৰী উদ্ধাৰ কৰিছিল । ইতিমধ্যে বিজনী আৰক্ষীয়ে মনোজ মুছাহাৰীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷

চিৰাঙত হস্ত নিৰ্মিত বন্দুকসহ আটক এজন
Intro:চিৰাঙৰ বিজনীত হস্তনিৰ্মিত বন্দুকসহ গ্ৰেপ্তাৰ এজন।


Body:চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বল্লমগুড়ীৰ উপ-আৰক্ষী চকীৰ বাউতিপাৰাত মঙ্গলবাৰে মাজনিশা বিজনী মহকুমাৰ আৰক্ষী বিষয়া প্ৰকাশ মেধীৰ নেতৃত্বত লগতে বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক বৰাৰ সহযোগত এক গোপন তথ্যৰ ভিত্তিত অঞ্চলটোত অভিযান চলাই হস্ত নিৰ্মিত ২টা বন্দুক,১০জাই সজীৱ গুলী,খালী কাৰ্টুজ এটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।আটকাধীন ব্যক্তিজনৰ নাম মনোজ মুছাহাৰী। উল্লেখ্য যে সোমবাৰে মাজনিশা একেজন ব্যক্তিৰ ঘৰৰ পৰা আৰক্ষীয়ে এটা বন্দুকসহ,বাৰুদ আৰু বন্দুক নিৰ্মান কৰিবলৈ আৱশ্যকীয় সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।ইতিমধ্যে বিজনী আৰক্ষীয়ে মনোজ মুছাহাৰীৰ বিৰূদ্ধে গোচৰ ৰুজু কৰিছে।




Conclusion:আৰক্ষীয়ে এই বিষয়ে তদন্ত অব্যাহত ৰাখিছে ।


চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.