ETV Bharat / state

বিজনীত অসম জাতীয় পৰিষদৰ নেতা আব্দুল ৰছিদৰ সংবাদমেল

author img

By

Published : Mar 27, 2021, 2:19 PM IST

বিজনীত অসম জাতীয় পৰিষদৰ নেতা আব্দুল ৰছিদৰ সংবাদমেল
বিজনীত অসম জাতীয় পৰিষদৰ নেতা আব্দুল ৰছিদৰ সংবাদমেল

সংখ্যালঘু সকলক অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ সমৰ্থনত ভোটদান কৰিবলৈ আহ্বান জনালে আব্দুল ৰছিদে । শুকুৰবাৰে বিজনী জাৰ্ণেলিষ্ট ফ'ৰামত এক সংবাদমেল সম্বোধন কৰে অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে । ৩৩ নং বিজনী বিধানসভা সমষ্টিৰ নিৰ্দলীয় পাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছিল আব্দুল ৰছিদে । পিছত মনোনয়ন প্ৰত্যাহাৰ কৰি অসম জাতীয় পৰিষদত যোগদান কৰে ।

চিৰাং,২৭ মাৰ্চ: নিৰ্বাচনত শাসকীয় দল বিজেপিৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিবলৈ চিৰাঙৰ বিজনীৰ সংখ্যালঘু লোকসকলক আহ্বান জনালে অসম জাতীয় পৰিষদৰ নেতা আব্দুল ৰছিদে । তেওঁ ৩৩ নং বিজনী বিধানসভা সমষ্টিৰ নিৰ্দলীয় পাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছিল ।

পিছত কেইবাজনো সংখ্যালঘু লোকে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰাৰ বিষয়ে তেওঁ অৱগত হয় । অৱশেষত তেওঁ লুৰিণজ্যোতি গগৈৰ ওপৰত আস্থা প্ৰদৰ্শন কৰি মনোনয়ন প্ৰত্যাহাৰ কৰি অসম জাতীয় পৰিষদত যোগদান কৰে । যোৱা ২২ মাৰ্চত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰি তেওঁ আঞ্চলিক দলটোৰ সদস্যপদ গ্ৰহণ কৰে ।

লগতে বিপিএফৰ মনোনীত পাৰ্থী কমল সিং নাৰ্জাৰী বিজয়ী হ'লে বিজেপিত যে যোগদান নকৰিব তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে বুলি দাবী কৰে । বিগত সময়ত বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত নাৰ্জাৰীয়ে সংখ্যালঘুৰ হৈ কোনো কাম নকৰাৰ অভিযোগ কৰে আব্দুল ৰছিদে ।

লগতে পঢ়ক: আশ্ৰাফুল হুছেইন ভণ্ড সাহিত্যিক: ৰবিউল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.