ETV Bharat / state

চিৰাঙত এবছু-বিটিআৰ প্ৰশাসনৰ বিশেষ বৈঠক

author img

By

Published : Jun 2, 2021, 10:56 PM IST

চিৰাঙত বিটিআৰ চুক্তি ৰূপায়ণ, শিক্ষা, শিক্ষক নিযুক্তি, বিদ্যালয় প্ৰাদেশিকীকৰণ আদি বিষয়লৈ এবছু-বিটিআৰ প্ৰশাসনৰ উচ্চ পৰ্যায়ৰ সভা ।

Chirang ABSU and BTR adm meeting
চিৰাঙত এবছু-বিটিআৰ প্ৰশাসনৰ বিশেষ বৈঠক

চিৰাঙ, 2 জুন : চিৰাঙত বুধবাৰে বিটিআৰ চুক্তি ৰূপায়ণ, বিটিআৰৰ শিক্ষা আৰু বিদ্যালয় প্ৰাদেশিকীকৰণ আদি বিভিন্ন বিষয় লৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বৰে বিটিআৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । সভাখন জিলাখনৰ ঢালিগাঁও স্থিত বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ মানাস অতিথিশালাত অনুষ্ঠিত হয় ৷ য’ত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়ো, সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী সহ কেইবাজনো নেতাৰ লগতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিটিআৰৰ দুজনকৈ সচিব ক্ৰমে নৰেন চন্দ্ৰ বসুমতাৰী, শিক্ষা সচিবকে আদি কৰি বিটিআৰ শিক্ষা সঞ্চালক জগদিশ চন্দ্ৰ ব্ৰহ্মও উপস্থিত থাকে ।

সভাৰ অন্তত এবছুৰ সভাপতি দ্বিপেন বড়োই সংবাদমেল সম্বোধন কৰি জনায় যে, বিটিআৰ প্ৰশাসনৰ সৈতে বিটিআৰৰ শিক্ষাৰ সৈতে সম্পৰ্ক থকা বিভিন্ন সমস্যা আৰু বিটিআৰ চুক্তি ৰূপায়ণ, বিদ্যালয় প্ৰাদেশিকীকৰণ আদি বিষয়লৈ চৰকাৰী সভা অনুষ্ঠিত হয় । সভাত বিতং আলোচনা হয় আৰু অসম বিধান সভাৰ জুলাই অধিৱেশনৰ পূৰ্বেই সকলো বিষয় প্ৰস্তুতৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনায় বড়োৱে ।

চিৰাঙত এবছু-বিটিআৰ প্ৰশাসনৰ বিশেষ বৈঠক

বড়ো ভাষা অসমৰ সহযোগি ভাষাৰ স্বীকৃতি লাভ কৰাৰ পিছত বড়ো ভাষা অসমীয়া ভাষাৰ লগে লগে লিখাৰ আহ্বান জনায় বড়োৱে । টেট শিক্ষক নিযুক্তি, বিদ্যালয় প্ৰাদেশিকীকৰণ, খালি পদ পূৰণ কৰা আদিৰ লগতে বিটিআৰ চুক্তি অনুসৰি হ’বলগীয়া প্ৰতিষ্ঠানসমূহ সোনকালে স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জনায় এবছুৰ সভাপতি দ্বিপেন বড়োৱে ।

বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে লগতে জনায় যে, বিটিআৰৰ ভিতৰত জনগোষ্ঠীয় ভাষা শিক্ষাৰ যেনে, চাউতালি, নেপালি, ৰাভা আদিৰ শিক্ষক নিযুক্তিৰ বিষয়ে আলোচনাৰে আগবঢ়াৰ কথাও জনায় । অসম চৰকাৰৰ সৈতে বিষয়টো আলোচনা মৰ্মে আগবঢ়োৱা হ’ব বুলি জনায় প্ৰমোদ বড়োৱে ।

বিদ্যালয় প্ৰাদেশিকীকৰণৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ বিটিআৰ চুক্তিৰ ৬.৩ নং অনুচ্ছেদ অনুসৰি আগবাঢ়ি যোৱা বুলি জনায় প্ৰমোদ বড়োৱে। তেওঁ লগতে কয় যে, স্বনিৰ্ভৰশীলতাৰ ওপৰত অনুষ্ঠান (স্কিল ডেভেলপমেন্ট), নিচাসক্ত সকল বাবে প্ৰতিখন জিলাতে একোখনকৈ অনুষ্ঠান স্থাপন কৰা হ’ব ।

লগতে পঢ়কঃ হোজাইত চিকিৎসকক প্ৰহাৰ: ৰাজ্যজুৰি চিকিৎসকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.