ETV Bharat / state

বিটিচিত সংখ্যালঘু সকল নিৰাপদ নহয় : ৰেজাউল কৰিম

author img

By

Published : Feb 23, 2020, 11:14 PM IST

বিটিচিত সংখ্যালঘু সকল নিৰাপদ নহয় : ৰেজাউল কৰিম,Chirang AAMSU central Pressmeet
বিটিচিত সংখ্যালঘু সকল নিৰাপদ নহয় : ৰেজাউল কৰিম

ওদালগুৰিৰ হত্যাকাণ্ডক লৈ চিৰাঙৰ বিজনীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ সংবাদমেল ৷ হত্যাকাণ্ডৰ 36 ঘন্টা ওকলি যোৱাৰ পিচতো দোষীক গ্ৰেপ্তাৰ কৰিবলৈ অসমৰ্থ অসম আৰক্ষী । হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্যক ধিক্কাৰ সংগঠনটোৰ সভাপতি ৰেজাউল কৰিমৰ ।

চিৰাং, 23 ফেব্ৰুৱাৰীঃ খাইৰুল হত্যাকাণ্ডকলৈ দেওবাৰে চিৰাঙৰ বিজনীত সংবাদমেল আয়োজন সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু)ৰ । ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গতত যি হত্যাকাণ্ড সংঘটিত হ’ল তাৰ 36 ঘন্টা ওকলি যোৱাৰ পিচতো অসম চৰকাৰৰ গৃহ বিভাগৰ বিয়াগোম আৰক্ষী বিভাগে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্যক ধিক্কাৰ জনায় সংগঠনটোৰ সভাপতি ৰেজাউল কৰিমে ।

সংবাদমেলত সভাপতিগৰকীয়ে কয়, বিটিচিত এতিয়া সংখ্যালঘু সকলে সদায়ে আতংকিত হৈ দিন অতিবাহিত কৰিবলগীয়া হৈছে । দিন-দুপৰতে ছাত্ৰ নেতা লাফিকুলক হত্যা কৰাৰ পিচত আজিলৈ দোষীক কৰায়ত্ত কৰিবলৈ নোৱাৰিলে আৰক্ষীয়ে । সকলো তথ্য থকাৰ পিচত দোষীক চিনাক্ত বা গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো ৰহস্যজনক ।

বিটিচিত সংখ্যালঘু সকল নিৰাপদ নহয় : ৰেজাউল কৰিম

আনহাতে বিটিআৰ চুক্তিৰ পিচতে কোৱা হৈছিল সকলো মাৰণাস্ত্ৰ জমা দিয়া হ’ল, কিন্তু ওদালগুৰিৰ খাইৰুল হকৰ বুকু ভেদি যোৱা বুলেট তথা বন্দুকৰ গুলী অবৈধ আছিল নে নাই বুলি অসমৰ মুখ্যমন্ত্ৰীক প্ৰশ্ন আমছুৰ সভাপতি জনৰ । এতিয়া বিটিচিৰ সংখ্যালঘু মুছলমান সকল নিৰাপত্তাহিনতাত ভূগিবলগীয়া হৈছে । বিটিচিত যে এতিয়াও অবৈধ অস্ত্ৰ আছে আৰু যিকোনো মুহুৰ্তত কাৰোবাক হত্যা কৰি পেলাই থৈ যাব পাৰে যে খাইৰুল হকৰ হত্যাকাণ্ডই ইয়াকেই প্ৰমাণিত কৰিছে ৷

ইয়াৰ লগতে সভাপতিজনে দাবী জনায় যে বিটিচি নিৰ্বাচনৰ পূৰ্বে যাৰেই হাতত অবৈধ অথবা বৈধ অস্ত্ৰ নাথাকক কিয় অসম চৰকাৰে সেই সমূহ জব্দ কৰিব লাগে । কাৰণ বিটিচি নিৰ্বাচনৰ গইনা লৈ শান্তিৰে বসবাস কৰি অহা লোকৰ মাজত পুনৰ অশান্তি বিয়পাবলৈ চেষ্টা চলাব পাৰে দুষ্কৃতিকাৰীয়ে ।

আমছুৰ সংবাদমেল

বিটিচি প্ৰশাসন আৰু অসম চৰকাৰে ঘটনাবোৰৰ ৰাজনীতিকৰণ নকৰি সাধাৰণ লোকৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে । এই হত্যাকাণ্ডৰ পাচতেই বিভিন্ন দল সংগঠনে বোকা চটিওৱা ৰাজনীতিৰ আৰম্ভ কৰিছে বুলি কয় এই ঘটনাৰ এক উচ্চস্তৰীয় তদন্তৰ দাবী জনায় মুখ্যমন্ত্ৰীলৈ ছয় দফীয়া দাবীৰে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে । নিহত খাইৰুল হকৰ পৰিয়ালক এক কালিন ২০ লাখ টকাৰ ক্ষতিপূৰণৰ লগতে পৰিয়ালৰ এজন লোকক চৰকাৰী চাকৰি প্ৰদানৰ দাবী জনায় । এই ঘটনাই যাতে অইন ৰূপ নলয় সেয়ে বিটিচিৰ সকলো জাতি-জনগোষ্ঠীৰ দল সংগঠনৰ লোকক এই হত্যাকাণ্ডৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই অহাৰ আহ্বান জনায় ৷ আনহাতে সোমবাৰৰ ভিতৰত যদি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে অসম ব্যাপি আন্দোলনৰো হুংকাৰ দিয়ে ছাত্ৰ নেতাগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.