ETV Bharat / state

একেলগে ৮০০ জন চোৰাং চিকাৰীৰ অস্ত্ৰ সম্বৰণ চিৰাঙত

author img

By

Published : Oct 2, 2021, 10:49 PM IST

Chirang 800 poacher arms lay down
একেলগে ৮০০ জন চোৰাং চিকাৰীৰ অস্ত্ৰ সম্বৰণ কৰিলে চিৰাঙত

চিৰাঙৰ বেংতল বন বিভাগৰ কাৰ্য্যালয়ত ৮০০ জন চোৰাং চিকাৰীৰ অস্ত্ৰ সম্বৰণ ৷ সকলোকে ৫০ হেজাৰ টকাৰ লগতে সংস্থাপনৰ আশ্বাস বিটিআৰৰ বন বিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ ।

চিৰাং, 2 অক্টোবৰ : শনিবাৰ অৰ্থাৎ ২ অক্টোবৰৰ অহিংসাৰ পূজাৰী তথা জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তীৰ দিনাই চিৰাঙৰ বেংতলত বিটিআৰৰ বনবিভাগৰ উদ্যোগত বৃহৎ সংখ্যক চোৰাং চিকাৰীয়ে আত্মসমৰ্পণ কৰে । বিটিআৰ প্ৰশাসনৰ বনবিভাগৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিটিআৰ এলেকাত বনাঞ্চল ধ্বংস আৰু বন্যপ্ৰাণী হত্যাৰ দৰে হিংসাৰ পথ পৰিহাৰ কৰি ৮০০ জন চোৰাং চিকাৰীয়ে অস্ত্ৰ শস্ত্ৰ জমা দি আত্মসমৰ্পণ কৰে ।

বিগত সময়চোৱাত চিৰাং-বাক্সা জিলাৰ সীমান্তৱৰ্তী মানাহ ৰাষ্ট্ৰীয় উদ্যান, কোকৰাঝাৰ জিলাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান, উল্টাপানী, লুংচুং সংৰক্ষিত বনাঞ্চলৰ উপৰি চিৰাঙৰ ভাৰত-ভুটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলত অবাধে গছ গছনি কাটি ধ্বংস কৰাৰ উপৰি হাতেসজা আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰি বন্যপ্ৰাণী হত্যা কৰিছিল। এই অবাধ বন ধ্বংসৰ কাৰণেই শেহতীয়াকৈ বন্যহস্তী মানুহৰ সংঘাত বৃদ্ধি পাইছে ।

একেলগে ৮০০ জন চোৰাং চিকাৰীৰ অস্ত্ৰ সম্বৰণ কৰিলে চিৰাঙত

এই বনধ্বংস আৰু বন্যপ্ৰাণী হত্যাৰ সৈতে পোনপটীয়াকৈ জড়িত থকা এই বৃহৎ সংখ্যক চোৰাং চিকাৰীৰ আত্মসমৰ্পণে বিটিআৰ অঞ্চলত বনাঞ্চলৰ সুৰক্ষাৰ ক্ষেত্ৰত এক যোগাত্মক দিশ হিচাপে বিবেচিত হৈছে ।

বিটিআৰৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, সমাজ কল্যান বিভাগৰ কাৰ্য্যবাহী সদস্য গৌতম দাস, হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ডঃ এল আৰ বিষ্ণয়, চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা, বিটিআৰ বনবিভাগৰ মুখ্য বিষয়া অনুৰাগ সিং, মানস ৰাষ্ট্ৰীয় উদ্যানৰ বিষয় ববীয়া সকলৰ লগতে চিৰাং বন সংমণ্ডল বিষয়াকে আদি কৰি অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে ৷

chirang-800-poacher-arms-lay-down
অস্ত্ৰ সম্বৰণ

বিষয়া সকলৰ উপস্থিতিত কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাৰ ৮০০ জন চোৰাং চিকাৰী আৰু চোৰাং কাঠ ব্যৱসায়ীয়ে ২৬৪ টা হস্তনিৰ্মিত বন্দুক, বুজন পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী, ৭৯ টা যন্ত্ৰচালিত গছকটা কৰত, ১২ টা পহুৰ শিং, চোৰাং কাঠ কঢ়িওৱা কাৰ্য্যত ব্যৱহৃত মটৰ চাইকেল, চাইকেল আৰু অন্যান্য সা-সামগ্ৰী জমা দিয়ে ।

এই চোৰাং চিকাৰীৰ আত্মসমৰ্পণ সন্দৰ্ভত বিটিআৰৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে সংবাদ মাধ্যমক জনায় যে, দীৰ্ঘদিনে বিটিআৰৰ বন ধ্বংস চলিছিল,চিকাৰ হৈছিল বিভিন্ন জন্তু । যিহেতুকে এনডিএফ বিৰে হোৱা শান্তিচুক্তিৰে বিটিআৰ গঠন হ’ল, তাৰ পিচতে এনএলএফবি , ইউএলবি আদি সকলো উগ্ৰপন্থী সংগঠনে আলোচনাৰ মেজলৈ আহিছে চৰকাৰৰ আহ্বানক সহাৰি জনাই ৷ সেয়ে বিটিআৰ প্ৰশাসনৰ তৰফৰ পৰা চোৰাং চিকাৰী সকলকো আহ্বান জনোৱা হৈছিল । সেই আহ্বানক সহাৰি জনাই শনিবাৰে এইদৰে ৮০০ জন চোৰাং চিকাৰী ওলাই আহিছে আৰু তেওঁলোকৰ অস্ত্ৰ জমা দিছে ।

গতিকে এই সকল লোকক বিটিআৰ প্ৰশাসনে ৫০ হেজাৰকৈ টকা দিয়াৰ লগতে সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আস্বাস দিয়ে কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে। তেওঁ লগত কয় যে বনাঞ্চল দখল কৰি ঘৰ সজা লোক সকলকো বন বিভাগৰ তৰফৰ পৰা বনাঞ্চলৰ ভূমি মোকলাই দিয়াৰ বাবে আহ্বান জনোৱা হৈছে ৷ এইসকলক যাতে উচ্ছেদ কৰিব লগীয়া নহয়, তাৰ ব্যৱস্থাৰে বেদখলকাৰী সকলক আঁতৰোৱাৰ ব্যৱস্থা কৰা হৈছে । ভূমিহীন লোক সকলক সংস্থাপনৰো আশ্বাস দিয়ে ৰঞ্জিত বসুমতাৰীয়ে ।
লগতে পঢ়ক : গ্ৰেপ্তাৰ কৰা হ’ল শ্বেৰমান আলীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.