ETV Bharat / state

চিৰাঙৰ বেংতল গীৰ্জাত বৰদিন উদযাপন বি আৰ ফেৰেংগাৰ

author img

By

Published : Dec 25, 2020, 7:07 PM IST

আজি পবিত্ৰ বৰদিনৰ দিনটোত চিৰাঙৰ বেংতল গীৰ্জাত আহি উপস্থিত হয় বিটিআৰৰ নৱ নিৰ্বাচিত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগা ৷

As_Chg_btc-em-br-ferenga-celebrates-christmas_Vis_asc10012
চিৰাঙৰ বেংতল গীৰ্জাত বৰদিন উদযাপন বি আৰ ফেৰেংগাৰ

চিৰাং,25 ডিচেম্বৰ: আজি পবিত্ৰ বৰদিনৰ দিনটোত চিৰাঙৰ বেংতল গীৰ্জাত আহি উপস্থিত হয় বিটিআৰৰ নৱ নিৰ্বাচিত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগা ৷ গীৰ্জাটোত উপস্থিত হোৱাৰ পিছতে সাংবাদিকৰে মত বিনিময় কৰে বিটিআৰৰ নৱ নিৰ্বাচিত কাৰ্যবাহী সদস্য গৰাকীয়ে ৷ তেখেতে কয় যে, ২০১৩ চনৰ ৭ এপ্ৰিল পৰ্যন্ত বেংতল গীৰ্জাতে পৰিচালক হিচাপে কৰ্তব্যৰত হৈ আছিল ৰঞ্জিত বসুমতাৰী ৷ ইয়াৰ পিছতে সকলো এৰি এনডিএফবিত যোগদান কৰে ৷

চিৰাঙৰ বেংতল গীৰ্জাত বৰদিন উদযাপন বি আৰ ফেৰেংগাৰ

দীৰ্ঘদিনৰ অন্তত আজি সকলোৰে সৈতে মুকলিভাৱে বৰদিন উদযাপন কৰি আনন্দ লাভ কৰা বুলি মন্তব্য কৰে বিটিআৰৰ নৱ নিৰ্বাচিত কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷ আনহাতে, বিটিআৰত জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোক একত্ৰিত হৈ সৰ্বাংগীন উন্নয়নৰ লগতে সকলোৰে শান্তিৰ বাবে প্ৰাৰ্থনা কৰা বুলি জনায় ৷

লগতে পঢ়ক-ৰাণীৰ BSFৰ মুখ্য কাৰ্যালয়ত ভাৰত-বাংলাদেশৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.