বাঁহৰ খুঁটাৰে বিদ্যুৎ সংযোগ দি ৰাইজক বিপদৰ মাজলৈ ঠেলিছে শক্তি বিভাগে

author img

By

Published : Jul 26, 2021, 1:27 PM IST

bamboo-using-as-eletric-post-in-chirang
চিৰাঙত বাঁহৰ খুঁটাৰে বিদ্যুৎ সংযোগ ()

যি সময়ত ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাই বিদ্যুৎ যোগানৰ ক্ষেত্ৰত উন্নত ব্যৱস্থাৰ কথা কৈ আহিছে, তেনে সময়তে বিভিন্ন স্থানত দেখা গৈছে শক্তি বিভাগৰ আজৱ কৰ্ম-কাণ্ড ৷ কাঠ-বাঁহৰ খুঁটাৰে বিদ্যুৎ যোগান ধৰি সম্প্ৰতি চৰ্চিত হৈ পৰিছে শক্তি বিভাগ ৷ বিভিন্ন সময়ত এই বিষয়টোক লৈ সমালোচনাৰ সন্মুখীন হৈ অহা বিভাগটোৰ কিন্তু আজিকোপতি গা লৰা পৰিলক্ষিত হোৱা নাই ৷ শেহতীয়াকৈ ইয়াৰ প্ৰমাণ পোৱা গৈছে চিৰাঙৰ ভাৰত-ভূটান সীমান্তত ৷

চিৰাং,25 জুলাই : চিৰাং (Chirang) জিলাৰ ভাৰত-ভূটান সীমান্তৰ লাইমুতি গাঁৱত বাঁহৰ খুটাৰে ধৰা হৈছে বিদ্যুতৰ যোগান ৷ গাঁওখনত প্ৰহশনত পৰিণত হৈছে প্ৰধানমন্ত্ৰীৰ দীনদয়াল উপাধ্যায় গ্ৰাম্য কৌশল যোজনা আঁচনি (Deen Dayal Upadhyaya Grameen Kaushalya Yojana) ৷ গাঁওখনৰ প্ৰায়ভাগ বৈদ্যুতিক খুঁটা (Electric Post)ই বাঁহেৰে নিৰ্মিত ৷ অৰ্থাৎ গাঁওখনত বাঁহৰ খুঁটাৰে বিদ্যুৎ যোগান ধৰিছে বিদ্যুৎ বিভাগ (Power Department)য়ে ৷

এইদৰে বাঁহৰ খুঁটাৰে বিদ্যুৎ সংযোগ কৰাৰ ফলত যিকোনো মূহুৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা । বিদ্যুৎ বিভাগৰ কোনো লোকেই অঞ্চলটোলৈ নাযায় বুলি গাঁওবাসীয়ে জানিবলৈ দিয়ে । অঞ্চলটোৰ বৈদ্যুতিক কাম-কাজসমূহ বিভাগীয় ঠিকাদাৰেহে চোৱা-চিতা কৰি আহিছে । বাৰিষা বতৰত যিকোনো মূহুৰ্ততে বিদ্যুৎ প্ৰবাহিত হৈ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

চিৰাঙত বাঁহৰ খুঁটাৰে বিদ্যুৎ সংযোগ

ইফালে দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেণীৰ লোক বসবাস কৰা এই গাঁওখনৰ সকলো গ্ৰাহকে নিয়মিতভাৱে পৰিশোধ কৰে বিদ্যুতৰ বিল ৷ তাৰপাচতো বিদ্যুৎ বিভাগে এনেধৰণৰ হেমাহি কৰা বুলি অভিযোগ তুলিছে স্থানীয় লোকসকলে । শীঘ্ৰেই বাঁহৰ খুঁটাৰ পৰিৱৰ্তে পকী খুঁটা প্ৰদান কৰাৰ বাবে দাবী উত্থাপন কৰিছে শংকিত ৰাইজে ৷

উল্লেখ্য় যে, অনাদায় বিদ্যুৎ মাছুল পৰিশোধ কৰিবলৈ গ্ৰাহকক বিভিন্ন প্ৰকাৰে বাধ্য কৰিছে বিমল বৰাৰ শক্তি বিভাগে ৷ চৰকাৰ গঠন হোৱাৰ পাচৰ দুমাহত বিদ্যুৎ মাছুল অনাদায় হৈ থকাৰ বাবে বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈছে বহু গ্ৰাহকৰ ঘৰত ৷ মন্ত্ৰীগৰাকীয়ে কাঠ-বাঁহৰ খুঁটা সম্পূৰ্ণৰূপে আঁতৰোৱাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল যদিও কাৰ্যতঃ সেই নিৰ্দেশক আওকাণ কৰা পৰিলক্ষিত হৈছে তেওঁৰেই বিভাগীয় কৰ্মচাৰীয়ে ৷

লগতে পঢ়ক : ভাস্কৰ্য শিল্পী জয়চন্দ্ৰ দাস আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.