ETV Bharat / state

Neonatal Death in JSB hospital: নৱজাতকৰ মৃত্যুৰ বাবে আশা কৰ্মীক জগৰীয়া; তদন্তৰ দাবীত প্ৰতিবাদ আশা কৰ্মীৰ

author img

By

Published : Jan 2, 2023, 7:36 PM IST

কাজলগাঁও জে এচ বি অসামৰিক চিকিৎসালয়ত (JSB Civil Hospital Kajalgaon) নৱজাতকৰ মৃত্যুৰ বাবে (Neonatal Death in JSB hospital) আশাকৰ্মীক দায়ী চিকিৎসালয়ৰ অধীক্ষক তথা স্বাস্থ্য বিভাগৰ সঞ্চালকৰ ৷ এই ঘটনাৰ উচিত তদন্তৰ দাবীত চিকিৎসালয়ৰ চৌহদত আশাকৰ্মীৰ প্ৰতিবাদ ৷

Neonatal Death
আশাকৰ্মীৰ প্ৰতিবাদত উত্তাল জেএচবি অসামৰিক চিকিৎসালয়

আশাকৰ্মীৰ প্ৰতিবাদত উত্তাল জেএচবি অসামৰিক চিকিৎসালয়

চিৰাং, ২ জানুৱাৰী: তিনিমাহৰ ভিতৰত ২১টিকৈ নৱজাতকৰ মৃত্যুৱে কঁপাইছে চিৰাং জিলা সদৰ কাজলগাঁওস্থিত জেএচবি অসামৰিক চিকিৎসালয় (Neonatal Death in JSB Civil Hospital Kajalgaon) ৷ ইয়াৰ লগতে উত্থাপন হৈছে ধন দাবীৰো অভিযোগ ৷ এই সমস্ত ঘটনাৰ তদন্তৰ বাবে সোমবাৰে চিকিৎসালয়খনত উপস্থিত হয় বিটিচিৰ স্বাস্থ্য বিভাগৰ সঞ্চালক ডাঃ উমেশ ফাঙছু ।

নৱজাতকৰ মৃত্যুৰ সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় বিটিচিৰ স্বাস্থ্য বিভাগৰ সঞ্চালকগৰাকী ৷ বৈঠকৰ অন্তত স্বাস্থ্য বিভাগৰ সঞ্চালকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত নৱজাতকৰ মৃত্যু আৰু প্ৰসূতিৰ অভিভাৱকৰ পৰা ধনদাবী কৰাৰ সকলো দোষ আশাকৰ্মীসকলৰ মূৰত জাপি দিয়ে (Newborn death in JSB Civil Hospital) ৷

সঞ্চালকগৰাকীৰ এই মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠে তাত উপস্থিত থকা আশাকৰ্মীসকলে । উত্তেজিত আশাকৰ্মীসকলে সঞ্চালক ডাঃ উমেশ ফাংছুক আগচি ধৰি বিভিন্ন ধৰণৰ প্ৰশ্নৰে তেওঁৰ ব্যতিব্যস্ত কৰি তোলে । প্ৰায় দহ মিনিট সময় আশাকৰ্মীসকলে স্বাস্থ্য সঞ্চালকগৰাকীক আটক কৰি ৰাখে । ক্ষুদ্ধ আশাকৰ্মীসকলৰ উপৰ্যুপৰি প্ৰশ্ন বাণত থকা সৰকা হৈ সঞ্চালকগৰাকীয়ে সমগ্ৰ বিষয়টোক পুনৰ তদন্তৰ আশ্বাস দিয়াত তেওঁক যাবলৈ দিয়ে ।

ইফালে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ পি কে দাসে দেওবাৰে ২১ টি নৱজাতকৰ ভিতৰত অধিকাংশ নৱজাতকৰ মৃত্যুৰ কাৰণ গৰ্ভৱতী মহিলাসকলক মুৰ্মূৰ্ষু অৱস্থাত চিকিৎসালয়ত অনাৰ বাবে মাতৃৰ গৰ্ভতে শিশুৰ মৃত্যু হোৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াইছিল । দৰাচলতে গ্ৰামাঞ্চলৰ পৰা গৰ্ভৱতী মহিলাসকলক চিকিৎসালয়লৈ অনাৰ দায়িত্ব থাকে মূলতঃ আশাকৰ্মীসকল । দাসে পলম হোৱা কথাটোৰে নৱজাতকসকলৰ মৃত্যুৰ কাৰণ প্ৰকান্তৰে আশা কৰ্মীসকলৰ ওপৰত জাপি দিব বিচৰাত আশাকৰ্মীসকল জাঙুৰ খাই উঠে ।

আজি পুনৰ বিটিচিৰ স্বাস্থ্য বিভাগৰ সঞ্চালকগৰাকীয়ে আশাকৰ্মীসকলৰ ওপৰত সকলো দোষ ন্যস্ত কৰাত সোঁচ্চাৰ হৈ পৰে তেওঁলোক (Nurse demand money from patients) ৷ যাৰ বাবে আজি তেওঁলোকে চিকিৎসালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । আশাকৰ্মীসকলে চিকিৎসালয় কৰ্তৃপক্ষৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি সমগ্ৰ ঘটনাৰ পৰা নিজকে দোষমুক্ত কৰাৰ বাবে চিকিৎসালয়ৰ চিকিৎসক-নাৰ্ছসকলৰ সকলো দোষ বিভাগীয়ভাৱে আশাকৰ্মীসকলৰ মূৰত জাপি দিব বিচাৰিছে বুলি অভিযোগ কৰে ।

তেওঁলোকে ইয়াক কোনোপধ্যেই মানি ল’ব নোৱাৰি বুলি উল্লেখ কৰি ঘটনাৰ উচিত তদন্ত বিচাৰি অসমৰ স্বাস্থ্যমন্ত্ৰী আৰু চিৰাং জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷ তেওঁলোকে লগতে গৰ্ভৱতী মহিলাক জেএচবি চিকিৎসালয়ত অনা হয় যদিও নিশাৰ ভাগত চিকিৎসালয়টোত কোনো প্ৰসূতি বিশেষজ্ঞ চিকিৎসক উপস্থিত নথকাৰ কথা জানিবলৈ দিয়ে । যাৰবাবে সময়বোৰ এনেই বিনষ্ট হয় । তেনেক্ষেত্ৰত জন্মৰ সময়ত যদি কোনো শিশুৰ অস্বাভাৱিক মৃত্যু হয় তাৰ বাবে দায়ী কোন বুলি ওলোটাই প্ৰশ্ন কৰে আশাকৰ্মীসকলে ।

লগতে পঢ়ক: Neonatal Death: কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত নৱজাতকৰ মৃত্যুৰ কিৰিলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.