ETV Bharat / state

ফেনে-ফুটুকাৰে বাঢ়ি আহিছে আই নদী: জলমগ্ন কেইবাখনো গাঁও

author img

By

Published : Jun 9, 2021, 7:27 AM IST

aie nodi flood in chirang
ফেনে-ফুটুকাৰে বাঢ়ি আহিছে আই নদী

ধাৰাষাৰ বৰষুণৰ ফলত কালৰূপ ধাৰণ কৰিছে আই নদীৰ বাঢ়নী পানীয়ে ৷ ইতিমধ্যে জলমগ্ন হৈছে চিদলী বিধানসভা সমষ্টিৰ অধীনষ্ঠ কেইবাখনো গাঁও ৷

চিৰাং,9 জুন : চিৰাঙৰ আই নৈৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ইতিমধ্যে চিদলী বিধানসভা সমষ্টিৰ কেইবাখনো গাঁও জলমগ্ন হৈছে বুলি সদৰী কৰিছে স্থানীয় লোকে ৷ চিৰাং জিলাৰ ৩১ নং চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত মাদাৰপুৰ, ডাবাবিল, নাথুৰবাৰীকে আদি কৰি বহু কেইখন গাঁৱৰ পথ ভাঙি যোৱাৰ লগতে বাঢ়নী পানীয়ে উটুৱাই নিয়ে কেইবাখনো দলং ৷

ফেনে-ফুটুকাৰে বাঢ়ি আহিছে আই নদী

উল্লেখ্য যে, আই নদীৰ বাঢ়নী পানীয়ে মাদাৰপুৰৰ এটা মূল পথ ভাঙি পেলোৱাৰ বাবে এতিয়া ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ৷ স্থানীয় লোকে বিগত বছৰ কেইটাত আই নদীৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন জনাই আহিছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷

aie nodi flood in chirang
ফেনে-ফুটুকাৰে বাঢ়ি আহিছে আই নদী

ইয়াৰ ফলত পুনৰবাৰ আই নদীৰ বাঢ়নী পানীয়ে কাল ৰূপ ধাৰণ কৰাত জীয়াতু ভূগিবলগীয়া হৈছে চিদলী বিধানসভা সমষ্টিৰ ৰাইজে ৷ এই পৰিপ্ৰেক্ষিততে বিভাগীয় কৰ্তৃপক্ষক বান-খহনীয়াা প্ৰতিৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৰাইজে ৷

লগতে পঢ়ক: ন্যায় প্ৰক্ৰিয়াত বিলম্ব: তিনিটা বছৰৰ অতিক্ৰম অভি-নীল হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.