Chirang AASA:চিৰাং জিলা সদৰ কাজলগাঁৱত আছাৰ ৩ ঘন্টীয়া ধৰ্ণা

author img

By

Published : May 24, 2023, 2:12 PM IST

AASA

চিৰাং জিলা সদৰ কাজলগাঁৱত আদিবাসী সকলৰ বিভিন্ন দাবীৰ সমৰ্থনত আছাৰ ৩ ঘন্টীয়া ধৰ্ণা (AASA holds protest in Chirang)।

চিৰাং, 24 মে’ : চিৰাং জিলা সদৰ কাজলগাঁৱত সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা (AASA) ই ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে । জনজাতিকৰণ, ভূমি পাট্টা প্ৰদান, শান্তি চুক্তি ৰূপায়ণ আৰু গোষ্ঠী সংঘৰ্ষৰ বলি লোকসকলক সংস্থাপন দিয়া আৰু দখল কৰা ভূমি ঘুৰাই দিয়াৰ দাবীত আছাই চিৰাং জিলা সদৰ কাজলগাঁৱত উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত তিনি ঘন্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰি উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে (Chirang AASA) ।

চিৰাং জিলা সমিতি আছাৰ সভাপতি অনন্ত মূৰ্মুয়ে কয় যে চৰকাৰে অহা জুন মাহৰ ভিতৰত আদিবাসী সকলৰ সমস্যা সমাধান নকৰিলে ভয়াৱহ আন্দোলন হাতত ল’ব তেওঁলোকে ৷ লগতে আগন্তক নিৰ্বাচনত বিজেপি বিৰোধী স্থিতি লোৱাৰ হুংকাৰ প্ৰদান কৰে । একেদৰে জিলা সাধাৰণ সম্পাদক ৰাইছেন টুডুয়ে অভিযোগ কৰে যে আদীবাসীসকল বিভিন্ন সমস্যাৰে জৰ্জৰিত যদিও চৰকাৰে এই সমস্যা সমাধানৰ নামত ৰাজনীতিহে কৰি আছে ৷

বিগত ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে শাসনত আহিলেই ছয় মাহৰ ভিতৰত আদিবাসীসকলক অনুসুচীকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু সেইমতে আদিবাসী ৰাইজেও বিজেপি দলক হিল-দল ভাঙি ওলাই আহি ভোটদান কৰি দুবাৰকৈ কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ গঠন কৰাত সমৰ্থন আগবঢ়াইছিল । কিন্তু, বিজেপি দলৰ দুয়োখন চৰকাৰে বিগত চৰকাৰসমূহৰ দৰে আদিবাসী মানুহবোৰৰ বাবে কেৱলমাত্ৰ কেইটামান আঁচনি কাৰ্যকৰী কৰি জনগোষ্ঠীটোৰ সকলো ক্ষেত্ৰতে উন্নয়ন হ'ব পৰা অনুসুচীকৰণৰ মূল দাবীটোক দাবী হিচাপেই জীয়াই ৰাখি আদিবাসী ভোটবেংক ৰূপেহে ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে আছাই (AASA holds protest in Chirang) ।

ভোটবেংক হিচাপে ব্যৱহাৰ নকৰি তেওঁলোকক সাংবিধানিক দাবী শীঘ্ৰে প্ৰদান কৰিবলৈ ধৰ্ণা কাৰ্যসূচীৰ পৰা দাবী জনাইছে । অন্যথা অহা জুন মাহৰ পৰা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হোৱাৰ লগতে আন্দোলনৰ পৰা উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ বাবে বিজেপি নেতৃতাধীন চৰকাখনেই জগৰীয়া হ'ব বুলি প্ৰতিবাদস্থলীৰ পৰা আছাই হুংকাৰ প্ৰদান কৰে । স্মাৰকত উল্লেখ কৰা দাবী সমূহ ক্ৰমে :অসমৰ আদিবাসীসকলক ভাৰতৰ সংবিধান অনুসৰি শীঘ্ৰে অনুসূচীকৰণৰ অধিকাৰ প্ৰদান কৰা, বি টি আৰ বনাঞ্চলত বসবাস কৰা আদিবাসী জনগোষ্ঠীক শীঘ্ৰে মাটিৰ পাট্টা আৱন্টন দিয়াৰ লগতে একচনা মাটিসমূহ ম্যাদীকৰণ কৰাৰ ব্যৱস্থা কৰা, কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু অসমৰ পাঁচটাকৈ আদিবাসী যুদ্ধবিৰতি সংগঠনৰ মাজত সম্পন্ন হোৱা আদিবাসী শান্তি চুক্তি অনুসৰি আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰি ইয়াৰ প্ৰতিটো দফা অতি শীঘ্ৰে ৰূপায়ণ কৰা আৰু যোৱা ১৯৯৬, ১৯৯৮ আৰু ২০১৪ চনৰ গোষ্ঠীগত সংঘৰ্ষত মৃত্যু হোৱা আৰু গৃহহীন হোৱা আদিবাসী লোকসকলক ক্ষতিপুৰণ দি পুনৰ সংস্থাপন প্ৰদান কৰা । এই মূল চাৰিদফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে চিৰাং জিলা সমিতি আছাই ।

লগতে পঢ়ক : Government Officer commits suicide: জোনাই মহকুমা তথ্য ও জনসংযোগ বিষয়াৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.