Government Officer commits suicide: জোনাই মহকুমাৰ তথ্য ও জনসংযোগ বিষয়াৰ ৰহস্যজনক আত্মহত্যা

author img

By

Published : May 24, 2023, 1:38 PM IST

Updated : May 24, 2023, 10:56 PM IST

Information and Public Relations Officer

জোনাই মহকুমা তথ্য ও জনসংযোগ বিষয়াৰ আত্মহত্যা । পুৱা নিজ চৰকাৰী আবাসগৃহত চিপজৰী লয় বিষয়াজনে (Government Officer commits suicide) ৷

জোনাই মহকুমাৰ তথ্য ও জনসংযোগ বিষয়াৰ আত্মহত্যা

জোনাই, ২৪ মে’: বুধবাৰে পুৱা জোনাইৰ মহকুমা তথ্য ও জনসংযোগ বিষয়াই ৰহস্যজনকভাৱে আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে । নিজ চৰকাৰী আবাসগৃহত চিপজৰী লয় সুপ্ৰতিম দে’ নামৰ বিষয়াজনে (Government Officer commits suicide) ৷

জানিব পৰা মতে আজি পুৱা প্ৰায় ৯.৩০ মান বজাত ঘৰত বনকৰা মহিলাগৰাকীয়ে বাচন-বৰ্তন ধুই বহু সময় ধৰি একো মাত নুশুনাৰ ফলত ঝাৰু লৈ শোৱনি কোঠাত প্ৰৱেশ কৰি প্ৰথমে মৃতদেহটো প্ৰত্যক্ষ কৰে (Information and Public Relations Officer death) ৷ লগে লগে তেওঁ বিষয়াজনক চিপ লাগি ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰি বাহিৰলৈ দৌৰি আহি ওচৰৰ মানুহক খবৰ দিয়ে ৷ স্থানীয় লোকে আহি ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে (Suspected suicide case) ৷

খবৰ লাভ কৰিয়েই ঘটনাস্থলীত জোনাইৰ মহকুমা কাৰ্যবাহী দণ্ডাধীশ আৰু আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইয়াৰ পিচতে জোনাই মহকুমা তথ্য আৰু জনসংযোগ বিষয়া সুপ্ৰতিম দে'ৰ আত্মহত্যাৰ ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। বিষয়াজনৰ মৃত্যুৰ কাৰণ পাৰিবাৰিক কন্দল নে আন কিবা তাক লৈ এতিয়া বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে (Govt officer committed suicide)৷

এই ঘটনা সন্দৰ্ভত পত্নীক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিষয়াজনৰ পত্নী তথা নাজিৰাৰ জনসংযোগ বিষয়া বৰ্ণালী দেৱীয়ে ৰহস্যজনকভাৱে কোনো উত্তৰ দিয়াৰ পৰা বিৰত থাকে। ইফালে মঙলবাৰে নিশা প্ৰায় ১২-৪৫ বজাত জোনাইৰ চৰকাৰী আৱাসগৃহৰ পৰা স্বামীক এৰি ব্যক্তিগত বাহন এখন ভাড়াত লৈ পত্নীয়ে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হোটেলত কটোৱা বুলি জানিবলৈ দিয়ে পত্নীক লৈ যোৱা বাহনখনৰ চালকজনে ৷

উল্লেখযোগ্য যে ২০২১ চনৰ নৱেম্বৰ মাহত জোনাইত মহকুমা চৰকাৰী তথ্য আৰু জনসংযোগ বিষয়া হিচাপে যোগদান কৰিছিল ৷ অৱশ্যে পৰৱৰ্তী সময় আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সকলো তথ্য ৷

লগতে পঢ়ক: Attempt to murder case: চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুঁজিছে পো বোৱাৰীৰ অত্যাচাৰত আহত বৃদ্ধাই

Last Updated :May 24, 2023, 10:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.