চিৰাঙত আমছুৰ মানৱ শৃংখল কাৰ্যসূচী

author img

By

Published : Sep 23, 2021, 11:06 AM IST

AAMSU protest in Chirang

চিৰাঙত আমছুৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ । ছিপাঝাৰৰ উচ্ছেদিত লোকৰ সংস্থাপনৰ দাবী আমছুৰ । সংখ্যালঘু সাংসদ-বিধায়কসকলে এই বিষয়ত উচ্ছেদিত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি নাহিলে সংখ্যালঘু অঞ্চলত তেওঁলোকৰ প্ৰৱেশত আমছুৰ নেতা-কৰ্মীয়ে বাধা প্ৰদান কৰাৰো হুংকাৰ দিয়ে ।

চিৰাং, ২৩ ছেপ্টেম্বৰ : দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰত চলোৱা উচ্ছেদ অভিযানৰ বিৰোধিতাৰে বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে(AAMSU) । চিৰাং জিলাৰ কাজলগাঁৱস্থিত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতো আমছুৰ চিৰাং জিলা সমিতিৰ নেতা-কৰ্মীয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ।

আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ধলপুৰত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানক বে-আইনী তথা অমানৱীয় আখ্যা দিয়ে । লগতে তেওঁ এই ঘটনাক লৈ কংগ্ৰেছ আৰু এআইইউডিএফকো সমালোচনা কৰে । তেওঁ কয় যে, অসমৰ দুজনকৈ সংখ্যালঘু সাংসদ বদৰুদ্দিন আজমল আৰু আব্দুল খালেকে এই বিষয়ত গুৰুত্ব আৰোপ কৰা নাই ।

সৰকাৰে লগতে কয় যে, এই দুয়োগৰাকী সংখ্যালঘু সাংসদৰ ভিতৰত এজনে অবিচিক লৈ মন্তব্য কৰি ফেচবুকত চৰ্চিত হোৱাৰ বিপৰীতে আনজনে আগৰৰ ব্যৱসায়ক লৈ ব্যস্ত আছে । সাংসদ দুজনৰ কাৰ্য-কলাপৰ পৰা সংখ্যালঘুৰ বিপদৰ সময়ত দুয়োজনে মুখ্যমন্ত্ৰীক সংগ দিয়াৰ কথাহে প্ৰতীয়মান হৈছে । কংগ্ৰেছ আৰু এআইইউডিএফৰ সংখ্যালঘু বিধায়কসকলকো সমালোচনা কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ।

কংগ্ৰেছ দলে নিজকে ধৰ্মনিৰপেক্ষ বুলি দাবী কৰে যদিও আজি সংখ্যালঘু লোকৰ বিপদৰ সময়ত সঁহাৰি জনোৱা নাই । শিশু, মহিলাসহ কেইবা হাজাৰো সংখ্যালঘু লোক মুকলি আকাশৰ তলত থাকি নৈৰ পানী সেৱন কৰিবলগীয়া হৈছে, খাদ্যৰ সংকটত পৰিছে বুলিও অভিযোগ তোলে সৰকাৰে । এই সময়ত নীৰৱে থকাৰ বাবে সংখ্যালঘু সাংসদ-বিধায়কসকলক সমালোচনা কৰে সংগঠনটোৰ নেতৃত্বই ।

অনাগত দিনত সংখ্যালঘু অঞ্চলত কংগ্ৰেছ, এআইইউডিএফ দলে তীব্ৰ ৰাজনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বুলিও সকীয়াই দিয়ে আমছুৰ সভাপতিজনে । সংখ্যালঘু সাংসদ, বিধায়কসকলে যদি এতিয়া উচ্ছেদৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত নকৰে, তেন্তে সংখ্যালঘু অঞ্চলত তেওঁলোকৰ প্ৰৱেশ নিষিদ্ধ কৰি ৰাজনৈতিকভাৱে উৎখাত কৰাৰ হুংকাৰ দিয়ে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে । আনহাতে, আমছুৰ চিৰাং জিলা সভাপতি নাজিৰ ৰহমানে উচ্ছেদৰ পূৰ্বে সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায় । উল্লেখ্য যে, বুধবাৰে ধলপুৰত প্ৰায় ৪০০টা পৰিয়ালক প্ৰশাসনে উচ্ছেদ কৰে ।

লগতে পঢ়ক: ধলপুৰৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.