ধলপুৰৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ

author img

By

Published : Sep 23, 2021, 9:33 AM IST

aamsu-protest-against-eviction-at-kalgachia

ধলপুৰত হোৱা উচ্ছেদ(Eviction) অভিযানৰ বিৰোধিতা কলগাছিয়া আমছু(AAMSU)ৰ ৷ উচ্ছেদ অভিযানৰ ফলত গৃহহীন দৰিদ্ৰ লোকসকলক পুনৰ সংস্থাপন দিয়াৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে ৷

জনীয়া, 23 ছেপ্তেম্বৰ : দৰং জিলাৰ ধলপুৰত হোৱা উচ্ছেদ(Eviction) অভিযানৰ বিৰুদ্ধে কলগাছিয়াত আমছু(AAMSU)ৰ প্ৰতিবাদ । মানৱ শৃংখলৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে কলগাছিয়া জিলা আমছুৱে ৷ কিয়নো বিগত কিছুমাহৰ পৰা অসম চৰকাৰৰ প্ৰশাসনে সংখ্যালঘু জনবসতি অঞ্চলসমূহত উচ্ছেদ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে ৷

চৰকাৰে গ্ৰহণ কৰা এই উচ্ছেদ অভিযানৰ ফলত বহু দৰিদ্ৰ লোক গৃহহীন হৈছে ৷ লগতে ক’ভিড(Covid) মহামাৰীৰ সময়চোৱাত বহুতো দৰিদ্ৰ লোকক অবৈধ বিদেশী সজাই তেওঁলোকৰ ঘৰ-বাৰী এইদৰে উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ দৰঙৰ ধলপুৰতো 400 টা দৰিদ্ৰ পৰিয়ালক‌ অমানৱীয়ভাৱে উচ্ছেদ কৰি গৃহহীন কৰাৰ লগতে তিনিটাকৈ মছজিদ আৰু এখন মাদ্ৰাছা ধ্বংস কৰি দিয়ে ৷

aamsu-protest-against-eviction-at-kalgachia
উচ্ছেদ অভিযানৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ

কাৰণ সেই ঠাইতে গৰুখুঁটি কৃষি প্ৰকল্প নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷ প্ৰশাসনৰ এই কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে কলগাছিয়া চাৰিআলিতো মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে জিলা আমছুৱে । প্ৰতিবাদকাৰীসকলে চৰকাৰৰ উচ্ছেদ কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি উচ্ছেদিতসকলক পুনৰ সংস্থাপন দিয়াৰ বাবে দাবী জনায় আমছুৰ নেতৃবৃন্দই ৷

লগতে পঢ়ক: প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে গোৱালপাৰাত আমছুৰ মানৱ শৃংখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.