ETV Bharat / state

শোণিতপুৰত সংখ্যালঘুৰ ভূমি উচ্ছেদ সন্দৰ্ভত আমছুৰ প্ৰতিক্ৰিয়া

author img

By

Published : May 19, 2021, 2:22 PM IST

aamsu-pressmeet-at-chirang
আমছুৰ প্ৰতিক্ৰিয়া

মঙলবাৰে বিজনীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সংবাদমেল সম্বোধন ৷ ক’ভিড সংকটৰ মাজতে শোণিতপুৰত চৰকাৰে কৰা উচ্ছেদ অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে সংগঠনটোৱে ৷

চিৰাং,19 মে’: চিৰাঙৰ বিজনীত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি ক’ভিড সংকটৰ মাজতে শোণিতপুৰত চৰকাৰে কৰা উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে ৷ শোণিতপুৰত কোনো সন্দেহজনক নাগৰিক নাই বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷

চৰকাৰক প্ৰত্যাহ্বান জনাই সভাপতি গৰাকীয়ে কয় যে, যদি তাত কোনো সন্দেহজনক নাগৰিক আছে তেওঁলোকক চিনাক্ত কৰি বিহিত ব্যৱস্থা ল’ব লাগে ৷ এই ক্ষেত্ৰত আমছুৱে সহযোগিতা আগবঢ়াব । কিন্তু খহনীয়াগ্ৰস্ত সাধাৰণ দৰিদ্ৰ সংখ্যালঘু লোকক লক্ষ্য কৰি মাটি-ভেটি উচ্ছেদ কৰা উচিত নহয় ৷

আমছুৰ প্ৰতিক্ৰিয়া

ইয়াৰোপৰি দৰিদ্ৰ লোকক লৈ ৰাজনীতি নকৰিবলৈ সকিয়াই দিয়ে আমছুৰ সভাপতিগৰাকীয়ে । তেওঁ কয় যে, আমছু উচ্ছেদৰ বিৰোধী নহয় ৷ চৰকাৰী ভূমিত কোনো লোক বসবাস কৰাতো তেওঁলোকে সমৰ্থন নকৰে । কিন্তু ক’ভিডৰ এই সংকটৰ সময়ত উচ্ছেদ কৰা লোকসকল ক’ত থাকিব বুলিও প্ৰশ্ন কৰে আমছুৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: যোৰহাটত আটক ভুৱা দণ্ডাধীশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.