ETV Bharat / state

Drugs seized: উৰুকাৰ নিশা সোণাৰিত ড্ৰাগছৰ উজান

author img

By

Published : Jan 15, 2023, 8:18 PM IST

two drugs peddlers arrested with drugs at sonari
উৰুকাৰ নিশাও চলিল ড্ৰাগছ বিৰোধী অভিযান

সমাধান নোহোৱা অংকত পৰিণত হৈছে ড্ৰাগছ বিৰোধী অভিযান । উৰুকাৰ নিশাও চলিল ড্ৰাগছ বিৰোধী অভিযান । সোণাৰি আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ড্ৰাগছসহ আটক কৰে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক(Sonari Police arrested two drugs paddlers) ।

সোণাৰি,১৫ জানুৱাৰী: ৰাজ্যবাসী মছগুল ভোগালী আনন্দ-উল্লাসত(Bhogali Bihu 2023) । সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি শনিবাৰে কৃষিজীৱি অসমীয়াই খালে হাঁহে মাহে এসাঁজ । পিছে উৰুকাৰ দিনাও বহি নাথাকিল অসম আৰক্ষী । উৰুকাৰ নিশাও অসম আৰক্ষীয়ে অব্য়াহত ৰাখিলে ড্ৰাগছ বিৰোধী অভিযান(Operation against Drugs) । ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ কৰিলে বুজন পৰিমাণৰ ড্ৰাগছ ।

ভোগালীৰ উৰুকাৰ আনন্দ উছাহৰ মাজতে নিশা নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ সোণাৰি আৰক্ষী । সোণাৰি আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আটক কৰে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী(Sonari Police arrested two drugs paddlers) । শনিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই সোণাৰিৰ নগৰৰ মাজমজিয়া চেনী গুদাম অঞ্চলৰ পৰা আটক কৰে বিশাল ৰক্ষীত আৰু তপন চেতিয়া ওৰফে বিতোপন নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুটাক ।

ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ(Drugs seized at Sonari) । উৰুকাৰ নিশা ৰাজ্যবাসী ভোগালীৰ আনন্দত মতলীয়া হৈ থকা সময়ত এইদৰে সোণাৰি নগৰৰ মাজমজিয়াত ড্ৰাগছ উদ্ধাৰ হোৱাক ঘটনাই প্ৰমাণ কৰিছে চৰাইদেউ জিলাত চলি আছে ড্ৰাগছৰ সৰবৰাহ । ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ নিৰ্দেশ দিছে যদিও চৰাইদেউৰ সোণাৰি আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই ।

ৰাজ্যত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অহাৰ পিছতো গা ল’ৰা নাই একাংশ অপৰাধীৰ (Anti drugs operation in Assam) ৷ এখন ড্ৰাগছমুক্ত অসম গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্যৰ আৰক্ষী প্ৰশাাসনে যিমানেই কঠোৰ অভিযান চলাইছে সিমানেই একাংশ অপৰাধীয়ে ন ন কৌশলেৰে ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Paresh Baruah Tested Covid Positive: আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা দেহত ক’ভিডৰ উপস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.