ETV Bharat / state

বিদ্যালয়ৰ সামগ্ৰী চুৰি কৰি আৰক্ষীৰ জালত দুই যুৱক

author img

By

Published : Jul 19, 2021, 6:42 PM IST

সোণাৰি হিন্দী মধ্য ইংৰাজী বিদ্যালয়ৰ সামগ্ৰী চুৰি কৰি ৰঙাঘৰৰ আলহী হ'ল দুই গভাইত চোৰ ৷ সোণাৰি আৰক্ষীয়ে আটক কৰিছে দুই গভাইত চোৰক ৷

Thief arrested by Sonari Police
সোণাৰি আৰক্ষীৰ জালত দুই গভাইত চোৰ

মৰাণ, 19 জুলাই : চৰাইদেউ জিলাৰ সোণাৰিত বিদ্যালয়ৰ সামগ্ৰী লুট-পাট কৰি আৰক্ষীৰ জালত পৰিল দুই গভাইত চোৰ ৷ সোণাৰি নগৰৰ মাজমজিয়াত থকা এখন বিদ্যালয়ৰ সামগ্ৰী চুৰি কৰি নিয়াৰ অভিযোগত সোমবাৰে সোণাৰি আৰক্ষীয়ে আটক কৰে এই দুই চোৰক ৷ জানিব পৰা মতে, সোণাৰি নগৰৰ বি পি চি পথৰ সমীপৰ সোণাৰি হিন্দী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা এটা টিউবেল আৰু কম্পিউটাৰ ছেট দুদিন পূৰ্বে চুৰি হৈছিল ৷

এই চুৰিকাণ্ডৰ সন্দৰ্ভত দুগৰাকী লোকক আটক কৰিছে সোণাৰি আৰক্ষীয়ে ৷ লোক দুজনৰ নাম ক্ৰমে সঞ্জু দাস আৰু সুজিত বৰা ৷ ক'ভিডৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা আংশিক লকডাউনৰ সুযোগ গ্ৰহণ কৰি নিশা বিদ্যালয়ৰ ভেণ্টিলেটৰ ভাঙি দুই চোৰে চুৰিকাণ্ড সংঘটিত কৰিছিল ৷

সোণাৰি আৰক্ষীৰ জালত দুই গভাইত চোৰ

পুৱাভাগত স্থানীয় লোকৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলৰ দৃষ্টিগোচৰ হয় এই চুৰিকাণ্ড ৷ ইয়াৰ পাচতে বিদ্যালয়খনৰ কৰ্তৃপক্ষই সোণাৰি আৰক্ষী থানাত চুৰিকাণ্ডৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে ৷

এই এজাহাৰৰ ভিত্তিতে সোণাৰি আৰক্ষীৰ এটা দলে সঞ্জু দাস আৰু সুজিত বৰাক আটক কৰে ৷ আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে ধৃত চোৰ দুটাৰ ঘৰৰ পৰা চুৰি হোৱা বিদ্যালয়ৰ সামগ্ৰীখিনিও উদ্ধাৰ কৰা হয় ৷ ইফালে ঘটনাটোত সুজিত বৰা জড়িত আছিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও আৰক্ষীয়ে দুয়োকে সোধ-পোচ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: পুনৰ এসপ্তাহলৈ জাৰি নতুন SOP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.