ETV Bharat / state

বেনাৰত ভুলকৈ লিখিলে বিশিষ্ট অতিথিৰ নাম, সচেতন মহলত প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 8:37 AM IST

Ranoj Pegu slams congress over bharat jodo nyay yatra : অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ নাম নতুনকৈ লিখিলে চৰাইদেউ জিলা প্ৰশাসনে ৷ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি ৷ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক সমালোচনা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ৷

Charaideo administration wrote wrong spelling of Ranoj Pegu's name
বেনাৰত ভুলকৈ লিখিলে বিশিষ্ট অতিথিৰ নাম

বেনাৰত ভুলকৈ লিখিলে বিশিষ্ট অতিথিৰ নাম

মৰাণ, 19 জানুৱাৰী: চৰাইদেউ জিলাৰ সোণাৰিত জিলা প্ৰশাসনে আয়োজন কৰা ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত ব্যাপক বিসংগতি । অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ নাম নতুনকৈ লিখিলে চৰাইদেউ জিলা প্ৰশাসনে ৷ ৰণোজ পেগুৰ বিপৰীতে বেনাৰত লিখিলে ৰণুজ পেগু ৷ জিলা প্ৰশাসনে আয়োজন কৰা ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত দেখা গ'ল এই বিসংগতি ৷ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ নাম নতুনকৈ লিখিলে চৰাইদেউ জিলা প্ৰশাসনে ।

বিশিষ্ট অতিথিৰ নামেটোৱেই বেনাৰত লিখোতে ভুল কৰা বিষয়টোৱে সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । মূল মঞ্চৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰা চৌহদৰ প্ৰতিখন বেনাৰ-পোষ্টাৰতে অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ নাম চৰাইদেউ জিলা প্ৰশাসনে লিখিলে ৰণুজ পেগু বুলি । প্ৰশাসনৰ এনে কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে সচেতন ৰাইজে ।

আনহাতে, সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্ৰীগৰাকীয়ে সমালোচনাৰ লক্ষ্য কৰি লয় দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ দলটোক ৷ কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক কঠোৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হয় শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বক প্ৰশংসা কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক অপ্ৰাসংগিক বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে ৷ বিগত নিৰ্বাচনী ফলাফল প্ৰসংগ উনুকিয়াই শিক্ষামন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলটোক কটাক্ষ কৰে ৷

এই নতুন ৰেচন কাৰ্ডৰ জৰিয়তে সমষ্টিটোত নতুনকৈ মুঠ 36809 গৰাকী হিতাধিকাৰী খাদ্য সুৰক্ষা আঁচনিৰ জৰিয়তে উপকৃত হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় ৷ ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে ৰেচন কাৰ্ডৰ দ্বাৰা চাউল ল'বলৈ ক'তো কাকো এটকাও ঘোচ নিদিব বুলি পৰামৰ্শ দিয়ে । অনুষ্ঠানটিত উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ৷

লগতে পঢ়ক: লোকসভা নিৰ্বাচনত বিজেপিয়ে চাৰিশৰো অধিক আসন লাভ কৰিব : প্ৰশান্ত ফুকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.