Arpita Gogoi allegedly joined Ulfa: আলফালৈ গ’ল নেকি অৰ্পিতা গগৈ ?

author img

By

Published : Dec 5, 2022, 9:52 PM IST

Arpita Gogoi of Niz Mahmora allegedly joined Ulfa

চৰাইদেউ জিলাৰ সোণাৰি এগৰাকী কলেজীয়া ছাত্ৰী আলফালৈ যোৱাৰ সন্দেহ কৰা হৈছে (Student missing case at Sonari) ৷ বিগত সোমবাৰৰ পৰা সোণাৰিৰ নিকটৱৰ্তী মাহমৰা কোঁৱৰ গাঁৱৰ অৰ্পিতা গগৈ নামৰ এগৰাকী কলেজীয়া সন্ধানহীন হৈ আছে (Arpita Gogoi missing case) ৷

মৰাণ, 5 ডিচেম্বৰ: উত্তৰ-পূবত সন্ত্ৰাসবাদ দমনৰ বাবে চৰকাৰে সশস্ত্ৰ সংগঠনসমূহক মূলসুঁতিলৈ ঘূৰাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও বিদ্ৰোহী সংগঠনৰ লগত আলোচনাত মিলিত হৈ তেওঁলোকক মূলসুঁতিলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ শান্তি আলোচনাৰ বাবে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক (ULFA chief Paresh Baruah) চৰকাৰে মূলসুঁতিলৈ আহিবলৈ আহ্বান জনাই থকাৰ সময়তে এতিয়াও ৰাজ্যত একাংশ যুৱক-যুৱতী আলফালৈ যোৱাৰ বাতৰিয়ে বাতৰিৰ শিৰোনামা দখল কৰিবলৈ সক্ষম হৈছে ৷

এইবাৰ চৰাইদেউ জিলাৰ সোণাৰি এগৰাকী কলেজীয়া ছাত্ৰী আলফালৈ যোৱাৰ সন্দেহ কৰা হৈছে (Student missing case at Sonari) ৷ বিগত সোমবাৰৰ পৰা সোণাৰিৰ নিকটৱৰ্তী মাহমৰা কোঁৱৰ গাঁৱৰ অৰ্পিতা গগৈ নামৰ এগৰাকী কলেজীয়া সন্ধানহীন হৈ আছে (Arpita Gogoi missing case) ৷ সন্ধানহীন হোৱাৰ এদিনৰ পিছতে অচিনাকি নম্বৰৰ পৰা আলফালৈ আহিছো বুলি হোৱাটছ এপত বাৰ্তা প্ৰেৰণ কৰাত এতিয়া চকুৰ টোপনি হৰিছে অৰ্পিতাৰ পৰিয়ালৰ (Arpita Gogoi allegedly joined Ulfa)৷

অৰ্পিতাৰ পৰিয়ালে এই ঘটনা সন্দৰ্ভত কয় যে যোৱা সোমবাৰে দিনৰ প্ৰায় 2 বজাত প্ৰতিদিনৰ দৰে চাইকেল লৈ সোণাৰিলৈ ব্যক্তিগত কামৰ বাবে ওলাই গৈছিল অৰ্পিতা ৷ সন্ধিয়ালৈ অৰ্পিতা ঘূৰি নহাত ঘৰত হুৱাদুৱা লাগে ৷ অৰ্পিতাৰ লগৰ ছোৱালীকো ঘৰৰ পৰিয়ালৰ লোকে সোধপোছ কৰিছিল ৷ প্ৰথমে অৰ্পিতাই লগৰ এজনীক বেলেগ এটা নম্বৰৰ পৰা ফোন কৰি বিয়া হৈ যোৱা বুলি কৈছিল (Arpita Gogoi of Niz Mahmora allegedly joined Ulfa) ৷

Arpita Gogoi allegedly joined Ulfa: আলফালৈ গ’ল নেকি অৰ্পিতা গগৈ?

পৰিয়ালৰ লোকে লগতে কয় যে. এই কথা গম পাই আমি মেছেজ অহা নম্বৰটোৰ সন্দৰ্ভত বিচাৰ খোচাৰ কৰিছিলো ৷ কিন্তু তেতিয়ালৈ তাই ক’ত কেনেকৈ বিয়া হৈছিল আমি একো গম পোৱা নাছিলো ৷ তাৰ পিছৰে পৰা কোনো খবৰ নাই অৰ্পিতাৰ ৷ মঙলবাৰে আমি গাঁৱৰ লোকৰ লগত আলোচনা কৰি আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছিলো ৷ তাৰ পিছদিনাই সেইটো নম্বৰেৰে পৰা অৰ্পিতাই আকৌ ভায়েকলৈ ফোনযোগে অৰুণাচল পাৰ হোৱা বুলি কয় ৷

লগতে কয় যে এইটো নম্বৰলৈ তহঁতে ফোন নকৰিবি ৷ এইটো নম্বৰত ফোন কৰি তহঁতে আমনি নকৰিবি ৷ তাৰ পিছদিনা আকৌ সেইটো নম্বৰলৈ ফোন কৰাত নম্বৰটোৰ পৰা তেওঁলোকে আলফালৈ যাবলৈ ওলাইছে বুলি প্ৰত্যুত্তৰ দিয়ে ৷ আৰক্ষীয়ে আমাক এই ঘটনা সন্দৰ্ভত তদন্ত চলোৱা বুলি ক’লে ৷

সম্প্ৰতি অৰ্পিতাৰ পৰিয়ালে সংবাদমাধ্যমৰ যোগেৰে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক যদি অৰ্পিতা সচাঁকৈয়ে আলফালৈ গৈছে ঘৰলৈ ঘূৰাই পঠাবলৈ কাতৰ আহ্বান জনায় ৷ উল্লেখ্য যে অৰ্পিতা উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী ৷

লগতে পঢ়ক: DU Ragging Update: ৰাহুলক জেৰা চলাবলৈ ডিব্ৰুগড়ত উপস্থিত DIG জিৎমল দলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.