ETV Bharat / state

নিজা বাসগৃহত ৰিয়ান পৰাগৰ সংবাদমেল

author img

By

Published : May 7, 2019, 7:42 PM IST

ৰিয়ান পৰাগ

আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ খেলা অসম সন্তান ৰিয়ান পৰাগৰ নিজা বাসগৃহত সংবাদমেল ৷ নিজ পিতৃক জীৱনৰ আদৰ্শ হিচাপে লয় বুলি ৰিয়ানৰ মন্তব্য ৷ 17 বৰ্ষীয় ৰিয়ানে ৰাজস্থান ৰয়েলছৰ হৈ খেলি উৎফুল্লিত বুলি জানিবলৈ দিয়ে ৷

গুৱাহাটী, 7 মে': আই পি এলত ৰাজস্থান ৰয়েলছ দলৰ হৈ সুন্দৰ প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা অসম সন্তান ৰিয়ান পৰাগে নিজা বাসগৃহত আয়োজন কৰে এক সংবাদমেল ৷ নিজৰ পিতৃক জীৱনৰ আদৰ্শ হিচাপে লোৱা ৰিয়ানে সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে ৷ ঘৰুৱা খেল খেলি থকা অৱস্থাৰ পৰাই আই পি এল খেলাৰ সপোন দেখা বুলি তেওঁ জানিবলৈ দিয়ে ৷ ৰাজস্থান ৰয়েলছৰ হৈ খেলিবলৈ পাই উৎফুল্লিত বুলি জনাই 17 বৰ্ষীয় ৰিয়ানে ৷

নিজা বাসগৃহত ৰিয়ান পৰাগৰ সংবাদমেল

ষ্টিফ স্মিথৰ দৰে খেলুৱৈৰ সান্নিধ্য লাভ কৰা ৰিয়ানক খেলত কেনেকৈ মনোনিৱেশ কৰিব পাৰি সেই সম্পৰ্কে স্মিথে শিক্ষা দিছিল বুলি জনায় ৷ গামোচাক আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ প্ৰচেষ্টাৰে নিজৰ লগত এখন গামোচা ৰাখিছিল বুলি তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ অতি কম বয়সতে কেৰিয়াৰৰ এই পৰ্যায়ত উপনীত হ'বলৈ বহু কষ্ট কৰা বুলি জনোৱা ৰিয়ানে পৰিয়ালৰ লগতে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে ৷ ৰঞ্জী ট্ৰফীৰ বাবে বৰ্তমান অনুশীলন আৰম্ভ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ৷

Intro:নিজা বাসগৃহত ৰিয়ান পৰাগৰ সংবাদমেল। সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি কলে নিজৰ জীৱন যাত্ৰা।নিজৰ পিতৃক জীৱনৰ আদৰ্শ হিচাপে লোৱা ৰিয়ান পৰাগে সৰুৰে পৰা কেনেকৈ পিতৃয়ে আজিৰ এই অৱস্থাৰ বাবে কষ্ট কৰিছে কলে সেই কথা ।
ঘৰুৱা খেল খেলি থকা অৱস্থাৰ পৰা IPL খেলাৰ হেঁপাহ সৰুৰে পৰা আছিল ৰিয়ান পৰাগৰ। IPL লৈ কেনেদৰে যাত্ৰা কৰিছিল ৰিয়ান পৰাগে সকলো খিনি কলে তেওঁ। ৰাজস্থান ৰয়েলছ ৰ হৈ খেল খেলি উৎফুল্লিত ৰিয়ান পৰাগ । ৰাজস্থান ৰায়েলছ হৈ খেলি থকা অৱস্হাত ওচৰৰ পৰা পাইছিল বহু খেলুৱৈক।


Body:পৰিস্থিতি আৰু চিন্তা কেনেকৈ দূৰ কৰিব পাৰি আৰু কেনেকৈ খেলত মনোনিবেশ কৰিব পাৰি সেই সকলো শিকাইছিল ষ্টিফ স্মিথৰ দৰে খেলুৱৈ।
গামোচাক আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত লৈ যোৱাৰ অৰ্থে সদায় এখন গামোচা ৰাখিছিল ৰিয়ান পৰাগে লগত।
ড্ৰাইভিং লাইচেন্স আৰু ভোটাৰ কাৰ্ড এতিয়ালৈ পোৱা নাই ৰিয়ান পৰাগে। এই বয়সতে কেৰিয়াৰৰ এই পৰ্য্যায়ত অৱৰ্তীন হবলৈ বহু কষ্ট কৰাৰ লগতে পৰিয়ালৰ লগতে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে ৰিয়ান পৰাগে।
ৰঞ্জিত ট্ৰফীৰ বাবে বৰ্তমান ৰিয়ান পৰাগৰ অনুশীলন আৰম্ভ কৰাৰ কথা কলে পৰাগে।


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.