ETV Bharat / state

চৰাঞ্চলৰ পৰা গুৱাহাটীৰ মজিয়া পালেহি বাংলাদেশী

author img

By

Published : Jun 20, 2019, 10:28 PM IST

চৰাঞ্চলৰ পৰা গুৱাহাটীৰ মজিয়া পালেহি বাংলাদেশী

মহানগৰীৰ মাজমজিয়াৰ পৰা গ্ৰেপ্তাৰ হয় এগৰাকী বাংলাদেশী নাগৰিক ৷ চাকৰিৰ প্ৰলোভনেৰে দালালে অসমলৈ লৈ আনে সুমন মিঞা নামৰ বাংলাদেশী যুৱকজনক গ্ৰেপ্তাৰ কৰিছে সীমান্ত আৰক্ষীয়ে ৷

গুৱাহাটী, 20 জুনঃ মহানগৰীৰ মাজমজিয়াৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী নাগৰিক ৷ বৃহস্পতিবাৰে হাতীগাঁও আৰক্ষী থানাত খোদ গৈ উপস্থিত হয় বাংলাদেশৰ পৰা অহা সুমন মিঞা নামৰ যুৱকজন ৷

আৰক্ষীৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত কাম দিয়াৰ প্ৰলোভনেৰে বাংলাদেশী যুৱকজনক ৰেলেৰে লৈ আনিছিল এগৰাকী দালালে ৷ প্ৰথমে নতুন দিল্লীলৈ বুলি ৰেলযোগে অহা বাংলাদেশী যুৱকজনৰ পৰা দালালে লৈছিল সাতহাজাৰ টকা ৷ পৰৱৰ্তী সময়ত অসমত উপস্থিত হোৱা বাংলাদেশীটোক এৰি পলায় দালালগৰাকী ৷ গুৱাহাটীত আহি একো উৱাদিহ নাপাই নিজেই গৈ হাতীগাঁও আৰক্ষী থানা পায়গৈ বাংলাদেশী যুৱকজন ৷ বাংলাদেশৰ সুনামগঞ্জৰ পৰা অহা সুমন মিঞাক বৰ্তমানে সীমান্ত আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে ৷

চৰাঞ্চলৰ পৰা গুৱাহাটীৰ মজিয়া পালেহি বাংলাদেশী
a_ghy_20jun_ Bangladeshi arrest_vis_byt_7204039
মহানগৰী গুৱাহাটীত  বাংলাদেশী নাগৰিক আটক। এইবাৰ  চৰাঞ্চল নহয় খোদ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত বাংলাদেশী ।গুবাহাটী মহানগৰীৰ কোন ঠাই চিনি নোপোবাত ৰাজপথত বিচৰন কৰি হাতীগাও থানাত সোমাইছিল সুমন মিঞা নামৰ বাংলাদেশী জন । 
দিল্লী হয় ৰেলযোগে পল্টনবজাৰলৈ আহিছিল । ৭ হাজাৰ টকাৰ বিনিময়ত কাম দিয়াৰ প্ৰলোভন দি দিল্লী হৈ ৰে’লযোগে গুৱাহাটীৰ পল্টন বজাৰ ষ্টেচনলৈ আহিছিল সুমন মিঞা নামৰ বাংলাদেশী নাগৰিকজনক।
বাংলাদেশৰ সুনামগঞ্জৰ পৰা আহিছিল বাংলাদেশী সুমন মিঞা । বৰ্তমান হাটীগাঁও আৰক্ষীয়ে বৰ্ডাৰ আৰক্ষী চমজাই দিয়ে আটক কৰা বংলাদেশী তোক । 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.